অসম

assam

ETV Bharat / videos

Bridge collapsed at Narayanpur: দোৰপাং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে পকী দলং

By

Published : Apr 4, 2022, 5:31 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

নাৰায়ণপুৰত বাৰিষাৰ পূৰ্বেই বানে উটুৱাই নিলে পকী দলঙৰ এটা অংশ (Bridge collapsed at Narayanpur)। দোৰপাং নদীৰ বাঢ়নী পানীয়ে চিঙিলে দলঙৰ এটা মূৰ । তাঁতিবাহাৰ-মাঘনোৱা সংযোগী পথৰ ওপৰত কেইদিনমানৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰিছিল ১৭ লাখ ৬৩ হাজাৰ টকীয়া দলংখনৰ । অপৰিকল্পিতভাৱে নিৰ্মান কৰাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে । দেওবাৰে নিশা নৈখনৰ বাঢ়নী পানীয়ে দলংখনৰ এটা অংশ উটুৱাই নিয়াৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়ত বন্ধ হৈ পৰিছে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details