অসম

assam

By

Published : Mar 4, 2022, 10:08 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / videos

Eviction drives in Kaziranga animal corridors : কাজিৰঙাৰ এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্চেদ অভিযান

সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাচতো কাজিৰঙাৰ এনিমেল কৰিড’ৰত চলিছে অবৈধ নিৰ্মাণ কাৰ্য ৷ যাকলৈ এতিয়া কঠোৰ হৈছে কলিয়াবৰ জিলা প্ৰশাসন ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি কাজিৰঙাৰ এনিমেল কৰিড’ৰ হালধিবাৰীত চলোৱা এই নিৰ্মাণকাৰ্যত বৃহস্পতিবাৰে চলিল বোকাখাত মহকুমা প্ৰশাসনৰ হাতোৰা (Bokakhat administration carried out eviction drives in Kaziranga animal corridors) । কাজিৰঙাৰ বাগৰিৰ লৱংগ চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীৰ বাউণ্ডেৰী দেৱালত চলিল প্ৰশাসনৰ বোল্ডজাৰ । উল্লেখ্য যে, সৰ্বোচ্চ ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলৰ পাচত কাজিৰঙাৰ এনিমেল কৰিড'ৰত সকলো নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু এই নিৰ্মাণকাৰ্য অবৈধ নহয় বুলিহে মন্তব্য কৰে লৱংগ চক্ৰৱৰ্তী নামৰ মহিলাগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details