গেৰুৱাময় বদৰপুৰ: ফটকা ফুটাই, ৰেলী উলিয়াই আনন্দ উল্লাস - bjp wins at karimganj
পৌৰসভা নিৰ্বাচনৰ(Assam Municipal Election) ফলাফল ঘোষণাৰ পাছত উখলমাখল বদৰপুৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বদৰপুৰতো উৰিল BJP ৰ বিজয় নিচান । বদৰপুৰ গেৰুৱাময় কৰি উলিয়ালে বিজয় ৰেলী (BJP rally in badarpur) । ইফালে কংগ্ৰেছৰ অতি শোচনীয় অৱস্থা । কৰিমগঞ্জৰ তিনিখন পৌৰসভাৰ ৪৮ টা ৱাৰ্ডৰ কেৱল চাৰিটা ৱাৰ্ডতে থমকি ৰ'ল কংগ্ৰেছ । দুটা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে বাকী আটাইকেইটা ৱাৰ্ডত BJPয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় আৰু জয়লাভৰ পাছতেই উৎফুল্লিত হৈ উঠে BJP কৰ্মকৰ্তা সকল ।বদৰপুৰত BJP আইকন শিতাংশু ৰায়ে বিয় সাব্যস্ত কৰাৰ পাছতেই বিজয় ৰেলী উলিওৱা পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:19 PM IST