অসম

assam

ETV Bharat / videos

ৰাজ্যসভাৰ নিৰ্বাচনত হুইপ জাৰি কৰিব নোৱাৰে কোনো দলে: বিশ্বজিৎ দৈমাৰী

By

Published : Mar 27, 2022, 9:58 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ৰাজ্যসভাৰ নিৰ্বাচনত হুইপ জাৰি কৰিব নোৱাৰে কোনো দলে । সংবিধানে ৰাজ্যসভাৰ নিৰ্বাচনত হুইপ জাৰিৰ অধিকাৰ নিদিয়ে দলক । ৰাজ্যসভাৰ নিৰ্বাচন 2022 (Rajya Sabha Election 2022) সম্পৰ্কত এই মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷ সংবিধানৰ ১০ নং অনুচ্ছেদত মুক্তভাৱে ভোটদানৰ অধিকাৰ প্ৰদান কৰিছে বিধায়কসকলক । বিধায়কসকলে নিজৰ পচন্দ অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদান কৰিলে খাৰিজ নহয় বিধায়ক পদ । বিধানসভাৰ কোনো সদস্যৰ বিধায়ক পদ খাৰিজ কৰিব লাগিলে সেয়া অধ্যক্ষইহে খাৰিজ কৰে । কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষই বিধায়ক পদ খাৰিজ কৰিব নোৱাৰে । দেওবাৰে কামৰূপ জিলাৰ কৰৰাত বৰদলৈ ট্ৰফী (68th Bordoloi Trophy football)ৰ এখন খেল উদ্বোধন কৰি এনদৰে মত প্ৰকাশ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details