কেন্দ্ৰীয় চৰকাৰৰ অ বি চি তালিকাত বিষ্ণুপ্ৰিয়া মণিপুৰী লোকক অন্তৰ্ভুক্তকৰণৰ দাবী - Bishnupriya Manipuri people
ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠী লোকসকলক কেন্দ্ৰ চৰকাৰৰ অবিচি তালিকাত অন্তর্ভূক্ত কৰি নোটিফিকেশন কেন্দ্ৰ চৰকাৰে জাৰি কৰাৰ দাবীত শনিবাৰে অল ইণ্ডিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী পিপলস মহাসভাৰ উদ্যোগত গুৱাহাটীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Bishnupriya Manipuri people protest in Guwahati) ৷ প্ৰতিবাদকাৰী সকলে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰৰ অ বি চি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অবিচি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুক সংগঠনটোৰ তৰফৰ পৰা এখন দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:21 PM IST