অসম

assam

By

Published : Mar 25, 2022, 10:33 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ETV Bharat / videos

Bike thief arrested: কলগাছিয়াত আটক বাইক চোৰক

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই যোৱা ১০ তাৰিখে চুৰি হোৱা মটৰ চাইকেলসহ এটা বাইক চোৰক বৃহস্পতিবাৰে নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হয়(Bike thief arrested in Kalgasia) । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বালিকুৰি এন চি গাঁৱৰ আব্বাছ অলীৰ ঘৰৰ পৰা লালচান আলী নামৰ চোৰটোৱে নিশাৰ এন্ধাৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ এটা মোবাইল আৰু AS 15 T 6633 নম্বৰৰ এখন বাজাজ পালচাৰ বাইক চুৰি কৰি লৈ যায় । পিছমুহূৰ্তত বাইকৰ গৰাকী আব্বাছ আলীয়ে বালিকুৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । সেই এজাহাৰৰ ভিত্তিত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তেৱাৰীয়ে বৰপেটা ৰোড আৰক্ষীৰ সহযোগত বাইকসহ লালচান আলী নামৰ চোৰটোক বৰপেটা ৰোডৰ পৰা কৰায়ত্ব কৰে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details