গান্ধীজীৰ প্ৰতিচ্ছবি খোদিত ৰূপৰ পাণ্ডানটো - গান্ধীজীৰ প্ৰতিচ্ছবি খোদিত ৰূপৰ পাণ্ডানটো
এজন অজান ব্যক্তিয়ে মহাত্মা গান্ধীক তেখেতৰ প্ৰতিচ্ছবি খোদিত এটি ৰূপৰ পাণ্ডান উপহাৰ দিছিল ৷ পৰৱৰ্তী সময়ত গান্ধীজীয়ে সেই উপহাৰটি ছিন্দোৱাৰাৰ হিন্দু নেতা গোবিন্দৰাম ত্ৰিবেদীক 501 টকাত বিক্ৰী কৰে ৷ যিটো পৰিয়ালে এই পাণ্ডানটি ক্ৰয় কৰিছিল, তেওঁলোকে আজিও ইয়াক সযতনে ৰাখিছে ৷ কিয়নো এই পাণ্ডানটি গান্ধীজীৰ স্মৃতিৰ এটি অংশ ৷ মহাত্মা গান্ধী এজন মানৱ দৰদী ব্যক্তি আছিল আৰু তেখেতে মানুহৰ মৰ্ম-বেদনা উপলব্ধি কৰিব পাৰিছিল ৷ তেখেতে অস্পৃশ্যতাক মানৱতাৰ দোষ হিচাপে জ্ঞান কৰিছিল ৷ গান্ধীজীৰ অস্পৃশ্যতা অপসাৰণৰ যি লক্ষ্য, সেইয়া বিংশ শতাব্দীত যিকোনো ভাৰতীয়ই গৃহীত কৰা সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা হিচাপে অভিহীত কৰা হয়৷
Last Updated : Aug 25, 2019, 2:45 PM IST