অসম

assam

ETV Bharat / videos

সবৰমতী আশ্ৰম : গান্ধীজীৰ চিন্তাধাৰাৰ এক অমূল্য ফচল - jai ho special package

By

Published : Oct 2, 2021, 6:14 AM IST

গান্ধীজী আৰু সবৰমতী নদীৰ আছে এক অনন্য সম্পৰ্ক ৷ দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পাচতে গান্ধীজীয়ে আহমেদাবাদত আশ্ৰম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই অনুসৰি, 1917 চনত তেওঁ সবৰমতী আশ্ৰম স্থাপন কৰে ৷ আশ্ৰমক লৈ গান্ধীজীৰ আছিল এক বিশেষ ধাৰণা ৷ সবৰমতী নদীৰ পাৰত তেওঁৰ এই বিশেষ বিচাৰে সাৰ্থক ৰূপ লাভ কৰিছিল ৷ সেই সময়ত গান্ধীজী আছিল এগৰাকী বিশ্ববিশ্ৰুত প্ৰতিভা ৷ দেশ-বিদেশৰ পৰা বহুলোকে তেওঁক লগ পাবলৈ সবৰমতী আশ্ৰমলৈ আহিছিল ৷ কিন্তু, আশ্ৰমৰ নিয়ম সকলোৰে বাবে একেই আছিল ৷ আশ্ৰমলৈ অহা প্ৰতিগৰাকী লোকে ইয়াৰ নিয়ম অনুসৰণ কৰিব লগা হৈছিল ৷ এই আশ্ৰম যে কেৱল গান্ধীজী বা অন্যান্য সত্যাগ্ৰহীসকলৰ আলোচনা থলী আছিল তেনে নহয়, স্বাধীনতা আন্দোলনতো এই আশ্ৰমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিয়নো ৰাষ্ট্ৰীয় সজাগতা আৰু সামাজিক পৰিৱৰ্তনৰ বাবে চলোৱা বহু আন্দোলনৰ আৰম্ভণি এই আশ্ৰমতে হৈছিল ৷

ABOUT THE AUTHOR

...view details