অসম

assam

ETV Bharat / videos

ধাৰাসাৰ বৰষুণৰ কবলত হিমাচলৰ কুল্লু - হিমাচল প্ৰদেশৰ কুল্লুত বান

By

Published : Jul 12, 2021, 7:22 PM IST

হিমাচল প্ৰদেশৰ কুল্লু (Kullu) জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কুল্লু জিলাখনৰ নদীসমূহৰ পানী উপচি পৰিছে । নলা সমূহত পানী ভৰ্তি হৈ পৰাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে বহু বাহন । দেওবাৰে, নিশাৰ পৰা জিলাখনত ধাৰাসাৰ বৃষ্টিপাত হৈ আছে । বহুদিনৰ মূৰত অহা বৰষুণ জাক দেখি কৃষকসকলে স্বস্তিৰ নিশ্বাস পেলাইছিল কিন্তু, বৰষুণৰ পানী বাঢ়ি অহাৰ ফলত চৰৱৰী নদীৰ (Sarwari River) কাষৰ জুপুৰিসমূহ ক্ষতিগ্ৰস্ত হৈছে । বৰষুণৰ পানীয়ে জুপুৰিত বাস কৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ সামগ্ৰীসমূহো ক্ষতিগ্ৰস্ত কৰিছে । লাৰ্জীৰ পাগল নলাৰ পানীৰ বাবে আউট-লাৰ্জি-চাইঞ্জ পথ(out larzi sainj route) বন্ধ হৈ পৰিছে । ইয়াৰ ফলত, পৰিবহণ নিগমৰ বাছ সহ পাচলিৰ বাহনসমূহ আৱদ্ধ হৈ আছে । ভূমিস্খলনৰ ফলত জিলাখনৰ ১৫ টাতকৈও অধিক পথ বন্ধ হৈ আছে । ইফালে, হিমাচল পথ পৰিবহণ নিগমৰ (Himachal Road Transport Corporation) চাৰিখন বাছ আৱদ্ধ হৈ আছে। জিলাখনৰ উপায়ুক্ত আশুতোষ গাৰ্গে(DC Ashtosh Garg ) কয় যে, জিলাখনত মঙলবাৰৰ আগলৈকে ধাৰাসাৰ বৰষুণ হ’ব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে । জিলাবাসী আৰু পৰ্যটকসকলক নদী আৰু নলাসমূহৰ ওচৰলৈ নাযাবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে ।

ABOUT THE AUTHOR

...view details