সদনত হাতী-মানুহৰ সংঘাতক লৈ সৰৱ সাংসদ কামাখ্য়া প্ৰসাদ তাছা - ৰাজ্যসভাত অসমৰ হাতী-মানুহৰ সংঘাটক লৈ ভাষণ কামাখ্য়া প্ৰসাদ তাছাৰ
ৰাজ্যত বিগত সময়ছোৱাত সংবাদ শীৰ্ষত থকা বিষয়টো আছিল হাতী-মানুহৰ সংঘাত ৷ হাতী-মানুহৰ সংঘাতৰ ফলত বহু লোক গৃহহীন হোৱাৰ লগতে বিগত সময়ছোৱাত নিহত হৈছে হাজাৰোধিক লোক ৷ মঙলবাৰে ৰাজ্যসভাত এই প্ৰসংগ উত্থাপন কৰে অসমৰ ৰাজ্যসভাৰ সাংসদ কামাখ্য়া প্ৰসাদ তাছাই ৷ অসমৰ হাতী-মানুহৰ সংঘাতক লৈ এতিয়াও চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো অতিকে দুৰ্ভাগ্যজনক বুলি কৈ শীঘ্ৰেই এই সন্দৰ্ভত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ক এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
Last Updated : Dec 3, 2019, 7:40 PM IST