অসম

assam

Nagaland killings: নাগালেণ্ডৰ টিজিতত কন্যাক ইউনিয়নৰ প্ৰতিবাদ

By

Published : Dec 16, 2021, 7:09 PM IST

নিৰপৰাধী লোকক উগ্ৰপন্থী সজোৱা কাৰ্যক সহ্য নকৰে নাগালেণ্ডৰ কন্যাক ইউনিয়নে(Konyak Union) । অ'টিঙৰ নিহত(Oting massacre incident) পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব । এই হুংকাৰ কন্যাক ইউনিয়নৰ টিজি শাখাৰ সভাপতি ওৱাংডুন কন্যাকৰ । ইফালে নাগালেণ্ডৰ অ'টিংবস্তিত সেনাৰ গুলীত নিহত ১৪ জন লোকে ন্যায় নোপোৱা পৰ্যন্ত সমগ্ৰ ম'ন জিলাত সেনাৰ কনভয় আৰু তহলত কন্যাক ইউনিয়নে দিয়া নিষেধাজ্ঞা অব্যাহত আছে বুলিও মন্তব্য । চিভিল চ'ছাইটিৰ উদ্যোগত টিজিতস্থিত অতিৰিক্ত উপায়ুক্ত কলনিত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত এই হুংকাৰ প্ৰদান কৰাৰ লগতে চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ উচিত ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে কন্যাক ইউনিয়নে ।

ABOUT THE AUTHOR

...view details