এবছৰৰ অন্তত পুনৰ মুকলি হ'ল ভাৰত-নেপাল সীমান্ত - এবছৰৰ অন্তত পুনৰ মুকলি ভাৰত নেপাল সীমান্ত
প্ৰায় এবছৰ পাচত পুনৰ মুকলি হ'ল ভাৰত-নেপাল সীমান্ত(Indo-Nepal border) ৷ ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত প্ৰায় এবছৰে বন্ধ হৈ থকাৰ পাচত এইবাৰ নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি পুনৰ মুকলি কৰা হৈছে ভাৰত-নেপাল সীমান্ত ৷ 1 অক্টোবৰত এক কেবিনেট বৈঠকত নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ সম্প্ৰতি সামদ্ৰী কঢ়িওৱা বাহনকে ধৰি দুচকীয়া আৰু চাৰিচকীয়া বাহনকো সমগ্ৰ দেশজুৰি চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে ৷ অৱশ্যে নেপালত প্ৰৱেশ কৰিব খোজা লোকসকলৰ হাতত ক'ভিড নিগেটিভ ৰিপৰ্ট থকাটো বাধ্যতামূলক ৷ ইফালে চাৰিচকীয়া বাহনত ভ্ৰমণ কৰা লোকসকলে 500 টকাৰ টোল কৰ পৰিশোধ কৰাৰ বিপৰীতে দুচকীয়া বাহনবোৰে 150 টকা টোল কৰ পৰিশোধ কৰিব লাগিব ৷