অসম

assam

ETV Bharat / videos

চিচিটিভিত বন্দী গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য - গেছ ছিলিণ্ডাৰ বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত

By

Published : Mar 10, 2021, 9:28 PM IST

হায়দৰাবাদত চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত ৷ ঘটনাৰ ফলত কৰিম নগৰৰ ছালিম পাছা (21) থিতাতে নিহত হোৱাৰ লগতে ৰাম নগৰৰ মহম্মদ সমীৰ (20) গুৰুতৰভাৱে আহত হৈছে ৷ উল্লেখ্য যে, এটা ব্যক্তিগত কোম্পানীত টেকনিচিয়ান হিচাপে কৰ্মৰত ছালিম আৰু সমীৰে বালানগৰলৈ কৰ্মসূত্ৰে এটা গেছ চিলিণ্ডাৰ কঢ়িয়াই নিছিল ৷ ছালিমে চিলিণ্ডাৰটো কঢ়িয়াই নিয়াৰ বিপৰীতে সমীৰে বাইকখন চলাই গৈছিল ৷ সেই সময়তে চিলিণ্ডাৰটোৰ বিস্ফোৰণ ঘটাত থিতাতে ছালিম নিহত হয় ৷ আনহাতে, আহত সমীৰক গান্ধী হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বইনাপল্লী আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details