অসম

assam

ETV Bharat / videos

আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ : ড' নগেন শইকীয়া

By

Published : Aug 31, 2019, 6:17 PM IST

প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ তালিকা সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড' নগেন শইকীয়াই ৷ নাম নোলোৱাকৈয়ে অসম চৰকাৰৰ এজন বহুবল্কী মন্ত্ৰীত তীব্ৰ সমালোচনা কৰি ড' শইকীয়াৰ মন্তব্য," বহু প্ৰত্যাক্ষিত এন আৰ চিৰ বিৰোধিতা কৰা অসম চৰকাৰৰ মন্ত্ৰীজনৰ আচৰণ দেশদ্ৰোহীৰ দৰে"৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিয়ে কয়,"এখন দেশৰ সাৰ্বভৌমত্বৰ লগত নাগৰিকপঞ্জীৰ এৰাব নোৱাৰা সম্বন্ধ আছে৷ এন আৰ চিৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব লগাতো অতি দুৰ্ভাগ্যজনক"৷ লগতে তেওৰ মন্তব্য আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷

ABOUT THE AUTHOR

...view details