অসম

assam

By

Published : Jul 17, 2020, 4:36 PM IST

ETV Bharat / videos

ভাৰতত 10 লক্ষাধিক অতিক্ৰম কৰ'ণা মহামাৰীৰ সংক্ৰমণ

সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰী 1,39,30,157 গৰাকীতকৈয়ো অধিক লোকলৈ সংক্ৰমণ হোৱাৰ সমান্তৰালকৈ, ভৰততো এই মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 10 লক্ষাধিক লোকৰ দেহলৈ ৷ দেশত 1003832 গৰাকীৰো অধিক লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে COVID-19ত ৷ লগতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ দেশতে 17 জুলাইৰ দিনটোলৈ মৃত্যুক সাৱটি লৈছে 25602ৰো অধিক লোকে ৷ উল্লেখ্য যে, দেশত কৰ'ণা মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে মুঠ 635757 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে বৰ্তমানেও 342473 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ভাৰতবৰ্ষত ৷ ভাৰতৰ ভিন্ন ৰাজ্যত কৰ'ণা মহামাৰী সংক্ৰমণৰ শেহতীয়া তথ্য জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details