অসম

assam

By

Published : Jun 14, 2020, 4:55 PM IST

ETV Bharat / videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্য়া

ভাৰতত COVID-19 সংক্ৰমণৰ সংখ্যাই অতিক্ৰম কৰিলে 3 লক্ষাধিক । 14 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 320922 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 9195 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 162379 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 104568 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 3830 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে তামিলনাডু, গুজৰাট, দিল্লী, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো । ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details