অসম

assam

By

Published : Jun 3, 2020, 5:04 PM IST

ETV Bharat / videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

ভাৰতত প্ৰতিদিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণ । 3 জুনলৈ এই সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় 2,07,615 গৰাকী লোকলৈ । লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 5,815 গৰাকীলৈ । বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠিছে 1,00,302 গৰাকী লোক । ভাৰতৰ ভিতৰতে এই মহামাৰীত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে মহাৰাষ্ট্ৰত । মহাৰাষ্ট্ৰত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 72300 গৰাকীলৈ । লগতে ৰাজ্যখনত এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও 2,465 গৰাকীলৈ বৃদ্ধি পাইছে । এই মহামাৰী সমান্তৰালভাৱে বৃদ্ধি পাবলৈ ধৰিছে গুজৰাট, দিল্লী, ৰাজস্থান, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো । ভাৰতৰ সকলো ৰাজ্যৰে COVID-19ৰ সাম্প্ৰতিক তথ্য সম্বন্ধে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ৷

ABOUT THE AUTHOR

...view details