অসম

assam

ETV Bharat / videos

ডাষ্টবিনত খাদ্যৰ সন্ধান কৰি থকা ভালুকটো... - দেশব্যাপী চলি থকা লক্ ডাউন

By

Published : Apr 14, 2020, 7:42 PM IST

ছত্তীশগড়ৰ এটা মন্দিৰৰ ডাষ্টবিনত খাদ্যৰ সন্ধান কৰি থকা এটা ভালুকৰ ভিডিঅ'ই ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছে । সোমবাৰে 1 মিনিট 49 ছেকেণ্ডৰ এই ভিডিঅ'টো টুইটাৰযোগে শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱা বিষয়া পাৰবীন কাছৱানে । এই ভালুককেইটা সেই খাদ্যৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ খাদ্য সিহঁতক মন্দিৰলৈ অহা ভক্তসকলে প্ৰদান কৰে । কিন্তু দেশব্যাপী চলি থকা লক্ ডাউনৰ ফলত বৰ্তমান সকলো ধৰ্মীয় স্থান বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত, এইদৰে খাদ্যৰ সংকটত ভুগিবলগীয়া হৈছে এই ভালুক কেইটা । ভিডিঅ'টোত ভালুক কেইটাই মন্দিৰৰ ডাষ্টবিনত খাদ্যৰ সন্ধান কৰিছে, কিন্তু কোনো খাদ্য নাপাই ভালুক এটাই খঙতে মন্দিৰৰ ডাষ্টবিনটো দলিয়াই থকা দেখিবলৈ পোৱা গৈছে ।

ABOUT THE AUTHOR

...view details