মৰাণৰ আহোম গাঁৱত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
মৰাণৰ ঘুগুলনিত বঙালি আহোম গাঁৱত পিঞ্জাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী । গাঁও খনৰ নীলকান্ত চেতিয়া নামৰ ব্যক্তি জনে হাপা ধৰিবলৈ পাতিছিল এটা সৰু পিঞ্জৰা ৷ কিন্তু হাপাৰ পৰিৱৰ্তে এটা নাহৰফুটুকীহে আবদ্ধ হয় নিজা পিঞ্জৰাটোত। শুকুৰবাৰে পুৱতি নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়। ততালিকে খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়ে ৰাইজে ৷ ইতিমধ্যে ঘটনাস্থলীত বন কৰ্মীৰ দল উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো উদ্ধাৰৰ বাবে ব্যৱস্থা লৈছে ৷ নাহৰফুটুকীটো উদ্ধাৰৰ বাবে তিনিচুকীয়াৰ পৰা বিশেষজ্ঞ দল এটা আহি থকা বুলিও বন বিষয়াই জানিবলৈ দিয়ে ।