অসম

assam

By

Published : Feb 26, 2022, 9:09 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / videos

গুৱাহাটীত ফুটবল কিংবদন্তি বাইচুং ভুটিয়া

মহানগৰীৰ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পাইপলাইন শ্ৰমিক ইউনিয়নৰ বাৰ্ষিক খেল সমাৰোহৰ সোণালী জয়ন্তী বর্ষ উদযাপন কৰা হয় । সোণালী জয়ন্তী বর্ষৰ আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক পদ্মশ্ৰী বাইচুং ভুটিয়া(Former Indian football captain Bhaichung Bhutia) । অনুষ্ঠানত অংশগ্ৰহণ কৰি পদ্মশ্ৰী বঁটাপ্ৰাপ্তক খেলুৱৈ বাইচুং ভুটিয়াই(Football Icon Baichung Bhutia) নেহেৰু ষ্টেডিয়াম ফুটবলৰ বাবে উপযুক্ত স্থান বুলি উল্লেখ কৰি ষ্টেডিয়ামখনক ফুটবল খেলপথাৰ হিচাপে ৰখাৰ কথা ব্যক্ত কৰে । তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত ৰঞ্জী ট্ৰফীৰ পাছত ফুটবল খেল অনুষ্ঠিত কৰা কৰা হ’ব বুলি কৰা ঘোষণাক আদৰণি জনায় আৰু মুখ্যমন্ত্ৰীগৰাকী নিজেই এগৰাকী সুদক্ষ খেলুৱৈ হোৱাৰ হেতু তেওঁ খেলৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details