অসম

assam

ETV Bharat / videos

বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্তকৰণ: প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন বৰপেটা সত্ৰৰ - বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্তকৰণ

By

Published : Feb 24, 2022, 8:43 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

বাঘবৰত থকা বৰপেটা সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ সন্তুষ্ট বৰপেটা সত্ৰৰ বিষয়-ববীয়া ৷ বাঘবৰৰ বিধায়কৰ প্ৰবল বিৰোধিতাৰ মাজতো বৰপেটা জিলা প্ৰশাসনে বৰপেটা সত্ৰৰ ভূমিত চলি থকা অবৈধ বেদখল (Barpeta Satra land encroachment) উচ্ছেদ কৰি বৰপেটা সত্ৰ সমিতিক চমজাই দিছিল সত্ৰৰ ভূমি ৷ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় প্ৰশাসনে লোৱা ব্যৱস্থাক ধন্যবাদ জনালে বৰপেটা সত্ৰ সমিতিয়ে (Barpeta Satra committee thanks administration) ৷ সেই অনুসৰি বৃহস্পতিবাৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক আৰু সত্ৰ পৰিচালনা সমিতিৰ কেইবাজনো সদস্য উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় । জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল আৰু ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক সত্ৰৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয় ৷ আনহাতে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত বৰপেটা সত্ৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনৰ প্ৰতি আগবঢ়োৱা সন্মানৰ প্ৰতি শ্ৰদ্ধা জনাই এয়া জিলা প্ৰশাসনৰ ঐক্যৱদ্ধ প্ৰচেষ্টা বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details