ইউক্ৰেইনৰ পৰা কলগাছিয়ালৈ উভতি অহা ছাত্ৰৰ ঘৰত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল
দেওবাৰে বিয়লি বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষালে কলগাছিয়াৰ ইউক্ৰেইনত অধ্যয়নৰত লাবিব শ্বামিমৰ ঘৰত উপস্থিত হৈ ছাত্ৰজনৰ লগত মত বিনিময় কৰে । অৰ্থাহাৰ আৰু পিয়াহে ভাগৰে প্ৰচণ্ড শীতক নেওচি ভয়ানক তুষাৰপাতৰ পৰিস্থিতি (Russia Ukraine War) ৰ মাজত কেনেকৈ লাবিব শ্বামিমে নিজ গৃহত উপস্থিত হৈছে (Assamese students from Ukraine have arrived at kalgachia) আৰু লগতে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ উন্নয়ন,পৰিসৰ আৰু অন্যান্য সা-সুবিধা সম্পৰ্কে দীৰ্ঘ সময় মত বিনিময় কৰি কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ পদক্ষেপক ভূয়সী প্ৰসংশা কৰে । লগতে এতিয়ালৈকে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীসকল (Assamese students trapped in Ukraine) ক ঘৰলৈ আনিবলৈ চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ।
Last Updated : Feb 3, 2023, 8:18 PM IST