অসম

assam

ETV Bharat / videos

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ সমাধি উন্মোচন - Anirudhdev's tomb unveiled in Bihpuria

By

Published : Mar 20, 2022, 8:33 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ থান সত্ৰৰ চৌহদত সাধাৰণভাৱে থকা মহাপুৰুষজনাৰ সমাধিভাগ আটকধুনীয়াকৈ নিৰ্মাণ কৰি দোওবাৰে বিয়লি ভাগত ভকত বৈঞ্চৱৰ গায়ন বায়নৰ লগতে আয়তীসকলৰ উৰুলিয়ে উন্মোচন কৰা হয় ( Anirudhdev's tomb unveiled in Bihpuria) । ইয়াৰ লগে লগে এক দীঘলীয়া অভাৱত থকা পকী আটকধুনীয়া মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ সমাধিভাগে পৰ্যটনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ হৈ পৰিল । যিহেতুকে এই থান সত্ৰখনলৈ প্ৰতিদিনেই দূৰ দূৰণিৰ পৰা বহু পৰ্যটকৰ আগমন ঘটে । উল্লেখযোগ্য যে মহাপুৰুষজনাৰ সমাধিভাগ ডিব্ৰুগড় জিলাৰ চাবুৰা অঞ্চলৰ বিশিষ্ট সমাজ সেৱক চান্দ কুমাৰ গোঁহাইৰ সম্পূৰ্ণ নিজা খৰচত নিৰ্মান কৰা হৈছিল আৰু আজি দীৰ্ঘদিনীয়া অভাৱত থকা পকী তথা আটকধুনীয়া সমাধিভাগ উন্মোচন কৰে চাবুৰাৰ সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই । লগতে চাবুৰা বিধান সভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই নিজা খৰচত সত্ৰৰ পূব দিশৰ নামঘৰৰ তলৰ অংশত টাইলচ লগোৱা পৰ্বও শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে থান সত্ৰৰ চৌহদত এখনি ধৰ্মালোচনী সভাও অনুষ্ঠিত কৰা হয় । থান সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি বেদকান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চাবুৰা বিধায়ক পোনাকণ বৰুৱা,চাবুৰাৰ বিশিষ্ঠ সমাজসেৱক চান্দ কুমাৰ গোঁহাইৰ লগতে বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

...view details