অসম

assam

ETV Bharat / videos

মাণিকপুৰত 'আকাশ গোষ্ঠী'ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক আংচা নাট্য মেলা - মাণিকপুৰৰ আগশাৰী নাট্যগোষ্ঠী আকাশ গোষ্ঠী

By

Published : Feb 21, 2022, 8:49 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ আগশাৰী নাট্যগোষ্ঠী 'আকাশ গোষ্ঠী'ৰ উদ্যোগত মাণিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগনত আংচা নাট্য মেলাত ৫ খন কৈ নাট প্ৰদৰ্শন কৰা হয় (Manikpur Angcha Natya Mela at Manikpur)। মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতিমনি দাসে শুভ উদ্বোধন কৰা এই নাট্য মেলাত গুৱাহাটীৰ লগতে তেজপুৰৰ নাট্য গোষ্ঠীয়ে নাট প্ৰদৰ্শন কৰে । নাটসমূহ ক্ৰমে বঙাইগাঁৱৰ মাণিকপুৰৰ আকাশ গোষ্ঠীৰ নিবেদন 'চিলনীৰ জীয়েকৰ সাধু' (শিশু নাট), ' বান্দৰ এক ওভতনি যাত্ৰা' আৰু 'অভিশপ্ত ৩০ অক্টোবৰ', গুৱাহাটীৰ 'ভাও an Actor's world ৰ নিবেদন ' বগা ডাৱৰৰ নাওঁ ' মংগলদৈৰ ' জেংৰাই অসম'ৰ নিবেদন ' ব্ৰেইনলেচ হেড' আদি কেইবাখনো নাচ প্ৰদৰ্শন কৰা হয় ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details