অসমীয়া কৃষ্টি-সংস্কৃতিক লৈ অংগৰাগ পাপনৰ নতুন প্ৰজেক্ট - অংগৰাগ পাপনৰ নতুন প্ৰজেক্ট
অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণসকলৰ জনগোষ্ঠীয় নৃত্য ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণৰ বাবে বুধবাৰৰ নিশা কাকপথাৰৰ সৰুমেচাই গাঁৱত উপস্থিত হয় শিল্পী অংগৰাগ পাপন মহন্ত(Papon new project on Assamese Culture) ৷ পূৰ্ব পৰিকল্পনা মতে নিশা সৰুমেচাই গাঁৱত ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণ কৰি অসমৰ বিভিন্ন লোক-সংস্কৃতিৰ ওপৰত এক দীৰ্ঘ পৰিকল্পনা কৰি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে(Angarag Mahanta new project) ৷ বিগত চাৰিবছৰে মাজুলীৰ কৃষ্টি সংস্কৃতিক লৈয়ো ব্যস্ত হৈ আছে অসমৰ জনপ্ৰিয় শিল্পীগৰাকী ৷ ৬ টা বছৰে বিহু মঞ্চৰ পৰা আঁতৰি থকা অংগৰাগে ক’লে যে সকলো ঠিকে থাকিলে নিশ্চয় এইবাৰ বিহু মঞ্চত তেওঁ গীত পৰিৱেশন কৰিবলৈ আগ্ৰহী ৷
Last Updated : Feb 3, 2023, 8:16 PM IST