সদনত অধ্যক্ষৰে বাক যুদ্ধ অখিল গগৈৰ; অধ্যক্ষই ক’লে কাজিয়া কৰিবলৈ সদন নহয় - সদন স্থগিত ঘোষণা
অসম বিধানসভাৰ বাজেট অধিবেশনত (Assam assembly budget session) মঙলবাৰে অধ্যক্ষৰ সৈতে বাক যুদ্ধত লিপ্ত হোৱা দেখা গ’ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক (Akhil Gogoi argues with Biswajit Daimary)৷ বিধায়কগৰাকীৰ ওপৰত ক্ষুব্ধ হৈ অধ্যক্ষই ক’লে কাজিয়া কৰিবলৈ সদন নহয় ৷ আঙুলি তোঁৱাই কথা নকবলৈও অখিল গগৈক সকিয়াই দিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ ইয়াৰ পাচতো অখিল গগৈয়ে অধ্যক্ষক উদ্দেশ্যি বাক্যবাণ প্ৰয়োগ কৰাত, অধ্যক্ষই কয় যে, অখিল গগৈৰ মতে সদন নচলে ৷ এনেকুৱা বিধায়কক লৈ সদন কিদৰে পৰিচালিত হ’ব ৷ লগে লগে 10 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে অধ্যক্ষই ৷
Last Updated : Feb 3, 2023, 8:19 PM IST