Ramnath Kovind to visit Assam: তেজপুৰত বায়ুসেনাৰ Mi 17 হেলিকপ্টাৰৰ অনুশীলন - তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ramnath Kovind to visit Tezpur university) ৷ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিব ৰামনাথ কোবিন্দ আৰু অংশগ্ৰহণ কৰিব বিশ্ববিদ্যালয়খনৰ এক সমোৰোহত ৷ যাৰ বাবে যুদ্ধংদেহী পৰিৱেশ তেজপুৰ বিশ্ববিদ্যালয়ত ৷ যিহেতু দেশৰ মূৰব্বীগৰাকী পোন-প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিব ৷ সেয়ে স্থলসেনা, বায়ুসেনা, স্থানীয় আৰক্ষী তথা প্ৰশাসনৰ সৈতে ইখনৰ পাচত সিখন বৈঠকত মিলিত হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগতে মুখ্য সচিবে ৷ আনকি বায়ুসেনাৰ তৰফৰ পৰা Mi-17 হেলিকপ্টাৰ অৱতৰণৰ অনুশীলনো চলিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ খেল পথাৰত (Air Force Mi 17 helicopter exercise at Tezpur Central University) । জানিব পৰা মতে, মুঠ তিনিখন হেলিকপ্টাৰৰ জৰিয়তে ৰাষ্ট্ৰপতি গৰাকীক বায়ুসেনাৰ ঘাটিৰ পৰা বিশ্ববিদ্যালয়ৰ চৌহদলৈ লৈ অনা হ’ব আৰু তাৰ বাবেই এই অনুশীলনৰ অব্যাহত ৰাখিছে বায়ুসেনাই ।
Last Updated : Feb 3, 2023, 8:17 PM IST