অসম

assam

ETV Bharat / videos

Road accident at Kalgachia: কলগাছিয়াত পৃথকে পৃথকে দুটাকৈ পথ দুৰ্ঘটনা - বামুনটাৰীত পথ দুৰ্ঘটনা

By

Published : Feb 14, 2022, 8:47 PM IST

Updated : Feb 3, 2023, 8:12 PM IST

বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা আৰু বামুনটাৰীত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা (Road accident at Kalgachia) । পৃথকে পৃথকে হোৱা পথ দুৰ্ঘটনা দুটাত পাঁচজন লোক আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে (5 injured in road accident in Barpeta) । ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনা অনুসৰি, কলগাছিয়াৰ পৰা বৰপেটা অভিমুখী AS 15 B 0559 নম্বৰৰ এখন বাছৰ লগত AS 15 P7390 নম্বৰৰ স্কুটী এখনৰ মুখামুখী সংঘৰ্ষ হয় ৷ যাৰ ফলত মনোৱাৰ হুছেইন আৰু আছাদুল ইছলাম নামৰ দুজন কলেজীয়া ছাত্ৰ আহত হয় । ইফালে, কলগাছিয়াৰ বামুনটাৰীত একে দিশৰ পৰা অহা এখন মটৰ চাইকেল আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মমিনুল ইছলাম, জহিৰুল ইছলাম আৰু সোনা উদ্দীন নামৰ তিনিজন লোক আহত হয় বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:12 PM IST

ABOUT THE AUTHOR

...view details