আজিকালি বজাৰত বিভিন্ন ডিজাইন, লুক আৰু ব্ৰেণ্ডৰ জোতা উপলব্ধ ৷ সাধাৰণতে মানুহে ব্ৰেণ্ড আৰু দাম চাইহে জোতা ক্ৰয় কৰে ৷ আপুনি জানেনে যে ইমান মৰমেৰে ক্ৰয় কৰা জোতাযোৰে আপোনাক অসুস্থ কৰি তুলিব পাৰে ? বিশেষজ্ঞসকলৰ মতে, জোতাৰে বাতবিষ, আঁঠুৰ সমস্যা, নিকনেক, ফ্লেট ফিট, নকনিক আৰু বুনিয়ন আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ শেহতীয়াকৈ বি এইচ ইউৰ শাৰীৰিক শিক্ষাত কৰা এক গৱেষণাত কোৱা হৈছে যে ২৩ শতাংশ যুৱ খেলুৱৈয়ে নিজৰ আৰাম অনুসৰি জোতা ক্ৰয় নকৰাৰ বাবে অকালতে অযোগ্য হৈ পৰে ৷ এই সন্দৰ্ভত গৱেষণাই কি কয় জানো আহক-
জোতাৰ ওপৰত গৱেষণাই কি কয় ?
বি এইচ ইউৰ কলা শাখাৰ শাৰীৰিক শিক্ষা বিভাগৰ ছাত্ৰ সৌৰভ মিশ্ৰই জোতাৰ ওপৰত এক গৱেষণা কৰিছিল ৷ জোতা কি ভিত্তিত বাছনি কৰিব লাগে সেই সম্পৰ্কে প্ৰশ্নভিত্তিক সমীক্ষা কৰা হৈছিল, য’ত ১৫-২৫ বছৰ বয়সৰ ১০০০-১৫০০ খেলুৱৈক কিছু প্ৰশ্ন কৰা হৈছিল ৷ সমীক্ষাটোত দেখা গৈছে যে শৰীৰৰ সন্তুলন তথা ভৰিৰ আৰাম অনুসৰি জোতা পৰিধান নকৰিলে ভৰিৰ সঠিক বিকাশত বিভিন্ন সমস্যাই দেখা দিব পাৰে ৷
এই সমস্যা বাতবিষ, আঁঠুৰ সমস্যা, ভৰি সমতল আৰু ভৰিৰ বিষৰ বাবেও হ’ব পাৰে ৷ এই কাৰণতে ২৫% খেলুৱৈয়ে প্ৰাপ্তবয়স্ক অৱস্থাত ভৰি দিয়াৰ লগে লগে অযোগ্য হৈ পৰে ৷
এই সমস্যাবোৰ হ’ব পাৰে-
- এলাৰ্জী: কিছুমান মানুহৰ ছাল অতি সংবেদনশীল ৷ এনে পৰিস্থিতিত চামৰা বা আন যিকোনো কৃত্ৰিম সামগ্ৰীৰ সংস্পৰ্শলৈ আহিলে এলাৰ্জী হ’ব পাৰে ৷ গতিকে জোতাৰ লগত এনে সামগ্ৰীৰে তৈয়াৰী মোজা পিন্ধিব লাগে ৷
- ৰক্ত সঞ্চালনত বাধা:এই কথা শুনি আপুনিও আচহুৱা অনুভৱ কৰিব পাৰে, কিন্তু মোজাবিহীন জোতা পৰিধান কৰিলে ভৰিৰ ক্ষতি হোৱাই নহয়, ৰক্ত সঞ্চালনৰ লগত জড়িত সমস্যাও হ’ব পাৰে ৷