ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ইয়াক খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷ ৰঙা ৰসাল গুটি থকা ডালিম কেৱল হৃদযন্ত্ৰৰ বাবেই উপকাৰী নহয়, ওজন কমাবলৈও অতি ফলপ্ৰসূ বুলি কোৱা হয় ৷ তেন্তে আহক আৰু আজিয়েই জানি লওক খাদ্যত ডালিম অন্তৰ্ভুক্ত কৰিলে কি কি উপকাৰিতা সাধন হয় আৰু লগতে জানি লওক যে কেনেকৈ ডালিমে কেতিয়াবা স্বাস্থ্যৰো ক্ষতিসাধন কৰিব পাৰে ৷
ডালিম খোৱাৰ উপকাৰিতা
ডালিম হৃদযন্ত্ৰৰ বাবে অতি উত্তম কাৰণ ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ ইয়াক সেৱন কৰিলে ৰক্তবাহী নলীত তেজৰ গোট মৰা বা কলেষ্টেৰল জমা নহয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো ডালিম সেৱন কৰাটো অতি লাভদায়ক বুলি বিবেচিত হয় ৷ ডালিম সেৱন কৰিলেও মধুমেহ ৰোগৰ পৰা সকাহ পোৱা যায় ৷
শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷
যদি আমি মেদবহুলতা হ্ৰাস কৰাৰ কথা ক’বলৈ যাও তেন্তে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয় আৰু বহু সময়লৈকে আপুনি ভোক অনুভৱ নকৰে ৷ ডালিম খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ইয়াৰ লগতে ডালিমৰ পাত শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাতো ফলপ্ৰসূ বুলি বিবেচিত হয় ৷
ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে ৷ ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ ডালিমৰ গুটি সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয় ৷
ডালিমৰ পাৰ্শ্বক্ৰিয়া
ডালিম কেৱল উপকাৰী নহয়, কেতিয়াবা কিছুমান লোকে ডালিম সেৱনৰ পিছতো ক্ষতিৰ সন্মুখীন হয় ৷ আচলতে ডালিম অতিমাত্ৰা সেৱন কৰিলে ডায়েৰিয়া হ’ব পাৰে ৷ ডায়েৰিয়াৰ সমস্যা থকা লোকে ডালিম সেৱন কৰিব নালাগে ৷ ইয়াৰ উপৰিও ছালৰ এলাৰ্জী থকা লোকসকলকো ডালিম সেৱন নকৰিবলৈ পৰামৰ্শ দিয়া হয় ৷ ডালিম খোৱাৰ ফলত ৰক্তচাপ হ্ৰাস পায় ৷ কিন্তু যিসকলৰ ৰক্তচাপ অতি কম, তেওঁলোকে ডালিম সেৱন কৰিব নালাগে, ই বি পি আৰু অধিক হ্ৰাস কৰিব পাৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, কোনো কাৰণতে ডালিমৰ বাকলি, শিপা বা ঠাৰি খাব নালাগে ৷
লগতে পঢ়ক:Arjuna Chaal Water: অৰ্জুন গছৰ ছাল তিওৱা পানী সেৱন কৰিলে আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা