ঘিউ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ঘিউ বহু পুষ্টিৰে সমৃদ্ধ, যাৰ বাবে সৰুৰ পৰা ডাঙৰলৈ সকলো বয়সৰ লোকৰে খাদ্য তালিকাত ঘিউ অন্তৰ্ভূক্ত হয় ৷ সাধাৰণতে খাদ্য ৰন্ধা খাদ্যৰ সৈতে ঘিউৰ জুতি লোৱা হয় ৷ কিন্তু আপুনি জানি হয়তো আচৰিত হ’ব যে আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাহ কাপত এক চাহ চামুচ ঘিউ মিহলি কৰি খালে ই আপোনাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদ হৈ পৰিব পাৰে ৷ দেশী ঘিউ মিহলি কৰা চাহ খোৱাটোও হৃদযন্ত্ৰৰ বাবে অতি লাভদায়ক । কাৰণ ঘিউত থকা স্বাস্থ্যকৰ চৰ্বিবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । চাহৰ লগত ঘিউ মিহলাই খালে হাৰ্ট এটেক, ষ্ট্ৰোকৰ দৰে সমস্যা কম কৰাটো সহায় কৰে । সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি ঘিউ মিহলোৱা চাহৰ গুণাগুণৰ বিষয়ে জানো আহক-
বহুতো মহিলাৰ ঋতুস্ৰাৱৰ সময়ত অসহনীয় বিষ হয় ৷ এনে পৰিস্থিতিত চাহত ঘিউ মিহলি কৰি খাব লাগে ৷ ই পেটৰ বিষ বা ক্ৰেম্পৰ পৰা বহুখিনি সকাহ দিয়ে ৷
মগজুৰ বাবে উপকাৰী
ঘিউ মগজুৰ বাবেও অতি উপকাৰী ৷ ই শৰীৰত হৰমনৰ ভাৰসাম্য সঠিক কৰি ৰখাত সহায় কৰে ৷ যাৰ ফলত মন-মগজু সকলো শান্ত হৈ থাকে ৷