আজিকালি বেছিভাগ লোকেই খাদ্যাভ্যাসৰ বিসংগতিৰ বাবে দীৰ্ঘদিনীয়া ৰোগৰ সন্মুখীন হৈছে ৷ আপোনালোকক জনাই দিও যে, দীৰ্ঘদিনীয়া ৰোগৰ ভিতৰত ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল আদি অন্তৰ্ভুক্ত ৷ ইয়াৰে এটা হ’ল ৰিউমাটয়েড আৰ্থ্ৰাইটিছ ৷ গাঁঠিৰ বিষৰ কথা নিশ্চয় বহুবাৰ শুনিছে ৷ ৰিউমাটয়েড আৰ্থ্ৰাইটিছ তেনেই একপ্ৰকাৰৰ গাঁঠিৰ ৰোগ ৷ এইটো এটা অটোইম্যুন ৰোগ, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰৰ গাঁঠিবোৰৰ ক্ষতি কৰে ৷
এই ৰোগ ইমানেই বিপজ্জনক যে ৰোগীয়ে গোটেই জীৱন গাঁঠিৰ সমস্যাত ভুগি থাকে ৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে, এই ৰোগটো সময়মতে চিনাক্ত কৰিলে ইয়াক গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি ৷ এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে জনাওক ৷ এই লক্ষণসমূহ দেখা দিয়াৰ লগে লগে আপুনি সাৱধান হ’ব লাগিব ৷
- ভাগৰুৱা হৈ থকা
গধুৰ কাম কৰাৰ পিছত ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক যদিও দিনটোৰ ভিতৰত সৰু সৰু কামবোৰ কৰাৰ পিছত ভাগৰুৱা অনুভৱ কৰাটো বহু ৰোগৰ লক্ষণ হ’ব পাৰে ৷ ৰিউমাটয়েড আৰ্থ্ৰাইটিছতো একেধৰণৰ লক্ষণ দেখা যায় ৷ যদি আপুনি দিনটোত একেৰাহে কেইবাদিনো ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰি আছে, তেন্তে চিকিৎসকৰ লগত কথা পাতিব লাগে ৷
- ফুলা গাঁঠি