শীতকালত ডায়েবেটিছ থকা লোকসকলে বহু সমস্যাৰ সন্মুখীন হয় ৷ ঠাণ্ডাৰ বাবে শাৰীৰিক কাৰ্যকলাপ কমকৈ কৰা বাবে আদ্ৰেনেলিন আৰু কোৰ্টিছোলৰ দৰে হৰমন নিঃসৰণ হোৱাৰ ফলত যকৃতে অধিক গ্লুকজ নিঃসৰণ কৰে ৷ ইয়াৰ ফলত ব্লাড ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷
জিণ্ডাল নেচাৰ কিউৰ ইনষ্টিটিউটৰ উপ-মুখ্য চিকিৎসা বিষয়া ড0 এইচ. পি. ভাৰতীয়ে কয়, "বৰ্তমান ভাৰতৰ প্ৰায় 50 মিলিয়ন লোক ডায়েবেটিছত আক্ৰান্ত আৰু 2025 চন পৰ্যন্ত এই সংখ্যা 6 কোটিলৈ বৃদ্ধি পাব ৷ এই সমস্যা সমাধান কৰাটো দেশৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে ৷"
শীতকালত ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ 10 টা প্ৰাকৃতিক যোগাভ্যাস সম্পৰ্কত উপদেশ আগবঢ়াইছে ড0 ভাৰতীয়ে ৷
ডায়েট
ডায়েবেটিছক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে এক ভাল ডায়েটৰ প্ৰয়োজন ৷ শাক-পাচলি, ফল-মূল, ঘেঁহুজাতীয় খাদ্য আদি গ্ৰহণ কৰা উচিত ৷ আনহাতে, মিঠাই, চৰ্বিজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত ৷ ইয়াৰোপৰি, ডায়েবেটিছ ৰোগীয়ে ড্ৰাই ফ্ৰুইট খোৱাৰ পৰা বিৰত থকা উচিত কিয়নো ইয়াৰ ফলত দেহত ছুগাৰৰ পৰিমাণ বৃদ্ধি পায় ৷
যথোযোগ্য হাইড্ৰেচন
প্ৰস্ৰাৱৰ দ্বাৰা অধিক গ্লুকজ বাহিৰ হোৱাৰ পৰা বিৰত থাকিবলৈ দেহক হাইড্ৰেট কৰি ৰখা অতি প্ৰয়োজন ৷ সেয়েহে অধিক পানী খোৱা উচিত ৷
যোগভ্যাস
যোগাভ্যাসৰ জৰিয়তে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷ ইয়াৰ দ্বাৰা তেজত গ্লুকজৰ পৰিমাণ জোখত থাকে ৷
বিকল্প চিকিৎসা