২০২৩ চনটো পাৰ হ’বলৈ ওলাইছে ৷ কিছুদিন পিছতে পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ল’ব সকলোৱে ৷ বছৰটো শেষ হোৱাৰ লগে লগে মানুহে বছৰটোৰ ভিতৰত ঘটা ঘটনাবোৰৰ কথা মনত পেলাইছে৷ এই বছৰ বহু কেইটা বিষয়ে চৰ্চাত আছিল ৷ প্ৰতিটো খণ্ডতে কিবা নহয় কিবা দেখা গৈছিল, যিয়ে শিৰোনাম দখল কৰিছিল ৷ স্বাস্থ্য খণ্ডত এই বছৰো বহু ঘটনা দেখিবলৈ পোৱা গ’ল ৷
এইবাৰ দেশ আৰু বিশ্বত এনে বহু ৰোগৰ উন্মেষ ঘটিছিল, যিয়ে পুনৰ কৰ’না মহামাৰীৰ পিছত মানুহক চিন্তিত কৰি তুলিবলৈ বাধ্য কৰিলে ৷ এনে পৰিস্থিতিত বছৰ শেষ হোৱাৰ পূৰ্বে এই বছৰ ভাৰতত শিৰোনাম দখল কৰা এনে ৰোগৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক-
- ডেংগু
ডেংগু হৈছে মহৰ দ্বাৰা হোৱা এক ভয়াৱহ ৰোগ, যাৰ ফলত প্ৰায়ে কিছুমান বিশেষ ঋতুত মানুহে এই ৰোগত ভুগিবলৈ আৰম্ভ কৰে ৷ এই ৰোগত প্ৰতিবছৰে বিভিন্ন লোক আক্ৰান্ত হয় যদিও এইবাৰ দেশজুৰি প্ৰতিবছৰৰ তুলনাত এই ৰোগত আক্ৰান্তৰ ঘটনা অধিক হোৱাত সকলোকে চিন্তিত কৰি তুলিছিল ৷ কেৱল এয়াই নহয়, ভাৰতৰ কিছুমান চুবুৰীয়া দেশতো ডেংগুৱে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ৷
- কনজাংটিভাইটিছ
এইবাৰ কনজাংটিভাইটিছৰ ক্ষেত্ৰতো মানুহৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল ৷ এয়া হৈছে এক চকুৰ সংক্ৰমণ, যিয়ে প্ৰায়ে বাৰিষাৰ সময়ত মানুহক ইয়াৰ কবলত পেলায় ৷ কিন্তু বিগত বছৰৰ তুলনাত এই বছৰ ইয়াৰ ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পাইছে, যাৰ বাবে অধিক ৰোগীৰ ৰিপৰ্ট পোৱা গৈছিল আৰু ই জনসাধাৰণৰ মাজত এতিয়াও ই এক চিন্তাৰ কাৰণ হৈয়ে আছে ৷
- নিপাহ ভাইৰাছ
এইবাৰ নিপাহ ভাইৰাছে পুনৰবাৰ মানুহৰ চিন্তা বৃদ্ধি কৰিলে ৷ কেৰালাত এই ভাইৰাছ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ নিপাহ এবিধ মাৰাত্মক ভাইৰাছ, জীৱ-জন্তু হৈছে এই ভাইৰাছৰ মুখ্য উৎস ৷ বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছ বাদুলিৰ জৰিয়তে মানুহলৈ বিয়পে ৷ এই ভাইৰাছ গাহৰি, কুকুৰ, মেকুৰী, ঘোঁৰা আৰু ভেড়াৰ পৰাও বিয়পিব পাৰে ৷ আনহাতে, এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেও নিপাহ ভাইৰাছ বিয়পে ৷ এই ভাইৰাছৰ আবিৰ্ভাৱৰ পিছৰে পৰা ইয়াৰ সন্দৰ্ভত সতৰ্কতা বৃদ্ধি পালে ৷
- ৰেবিজ
এই বছৰ ৰেবিজ বা জলাতংক ৰোগেও শিৰোনাম দখল কৰিছিল ৷ দৰাচলতে গাজিয়াবাদত কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগত শিশুৰ মৃত্যুৱে সকলোকে জোকাৰি গৈছিল ৷ এই শিশুটি কুকুৰে কামোৰাৰ পিছত ৰেবিজ নামৰ ৰোগত আক্ৰান্ত হৈছিল, তাৰ পিছত তেওঁৰ মৃত্যু হৈছিল ৷ ই এক ভাইৰেল সংক্ৰমণ, যি সংক্ৰমিত প্ৰাণীৰ কামোৰৰ ফলত বিয়পে ৷ লগতে সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মক প্ৰমাণিত হ’ব পাৰে ৷
- নিউমোনিয়া