বৰ্তমান দেশবাসীৰ বাবে Covid-19 ৰ নতুন ভেৰিয়েন্ট XBB এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগ । ৰাজ্যত বিগত সপ্তাহৰ তুলনাত ১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰৰ ভিতৰত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৭.৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু উৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে এই ভাইৰাছৰ সংক্ৰমণৰ আশংকাও দিনক দিনে বৃদ্ধি পাইছে ৷
XBB ভেৰিয়েন্টটো কি ?(WHAT IS XBB VARIANT)
আগষ্ট মাহত ছিংগাপুৰত ধৰা পৰিছিল ক'ভিড ভেৰিয়েন্ট XXB । ই অমিক্ৰ'নৰ BA.2.75 আৰু BJ.1ৰ চাবভেৰিয়েন্ট । এতিয়ালৈকে এই ভাইৰাছ বিশ্বৰ ১৭খন দেশত ধৰা পৰিছে । XBB সংস্কৰণত BA.2.75 ৰ তুলনাত "বৃদ্ধিৰ সুবিধা" আৰু প্ৰতিৰোধ ক্ষমতাৰ অৱক্ষয়ী গুণ আছে বুলি বিশ্বাস কৰা হৈছে।
এ*ষ্টাৰৰ বায়’ইনফৰ্মেটিক্স ইনষ্টিটিউটৰ(A*Star’s Bioinformatics Institute) সঞ্চালক ডাঃ চেবাষ্টিয়ান মাউৰেৰ-ষ্ট্ৰ’হে জনোৱা মতে, এই নতুন ভেৰিয়েণ্টটো ভাইৰাছৰ স্পাইক ছাৰ্ফেচ প্ৰ’টিনত হোৱা পৰিৱৰ্তনৰ সঞ্চয়ৰ ফল(know about XBB) ।
জিন’ম ক্ৰমবিন্যাসৰ সৈতে জড়িত বিজ্ঞানীসকলে ভাৰতৰ প্ৰায় ৮৮% নতুন সংক্ৰমণৰ কাৰণ BA.2.75 ৰ ফলত হোৱাৰ বিপৰীতে XBB ৭% হোৱা জানিবলৈ দিয়ে । ছিংগাপুৰত XBB প্ৰধান আৰু শেহতীয়াকৈ দ্বীপ দেশখনত নতুনকৈ Covid ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ’ব পাৰে । থাইলেণ্ডে নিজৰ বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে ইতিমধ্যে চেক মাউণ্ট কৰিছে । ইউৰোপৰ কৰ্তৃপক্ষইও সমগ্ৰ পৰিস্থিতি অতি নিখুটভাৱে নিৰীক্ষণ কৰি আছে ।
ই বিপজ্জনক নেকি ?(IS IT DANGEROUS)
XBBৰ স্পাইক প্ৰ'টিনৰ ওপৰত সাতটা মিউটেচন আছে । ৰোগ প্ৰতিৰোধ ক্ষমতাই XBB চিনাক্ত কৰিবলৈ সময় লয় । ই প্ৰতিৰোধ কোষক ট্ৰিক্স কৰি ডজ কৰে আৰু আমাৰ শৰীৰৰ কোষবোৰত অধিক সহজে প্ৰৱেশ কৰি সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে ।
একাংশ বিশেষজ্ঞৰ মতে, XBB হৈছে Covidৰ আটাইতকৈ সংক্ৰামক ভেৰিয়েন্ট । জনছ হপকিন্স চেণ্টাৰ ফৰ হেল্থ ছিকিউৰিটিৰ(Johns Hopkins Center for Health Security) আমেছ আদালজাই আঙুলিয়াই দিয়ে যে, “ই সম্ভৱতঃ আটাইতকৈ বেছি ইমিউন-এভেচিভ আৰু বৰ্তমানৰ মনোক্ল’নেল এন্টিব’ডি ভিত্তিক চিকিৎসা আৰু প্ৰতিৰোধ কৌশলৰ বাবে সমস্যাৰ সৃষ্টি কৰে ।” কিছুমান গৱেষকৰ মতে Covid ভেকচিনে মানুহক এই ভেৰিয়েন্টৰ পৰা ৰক্ষা কৰিব নোৱাৰিব; আৰু সেইবোৰ অকাৰ্যকৰী কৰা হ’ব । XBBৰ ফলত পুনৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলিও ইংগিত পোৱা গৈছে ।
মহাৰাষ্ট্ৰ স্বাস্থ্য বিভাগে সকীয়াই দিছে যে, XBB ভেৰিয়েণ্টে নৱেম্বৰৰ মাজভাগত, উৎসৱৰ বতৰ শেষ হোৱাৰ পিছত শীৰ্ষত উপনীত হ’ব । চৰকাৰে লগতে আঙুলিয়াই দিয়ে যে শেহতীয়াকৈ হোৱা এই বৃদ্ধি বহুলাংশে মুম্বাই, থানে, ৰায়গাডৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলত লক্ষ্য কৰা হৈছে ।
একাংশ বিশেষজ্ঞই কয় যে আপাত দৃষ্টিত জৰুৰীকালীন ক্ষেত্ৰতহে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ’ব । কিন্তু বৃদ্ধ আৰু কোমৰবিডিটিত আক্ৰান্তসকলে অধিক সাৱধান হ’ব লাগে আৰু নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক পিন্ধিব লাগে বুলি একমত হৈছে। লগতে যিমান পাৰি সোনকালে সাৱধানতামূলক বা বুষ্টাৰ ড’জ গ্ৰহণ কৰিব লাগে ।
লগতে পঢ়ক:World Osteoporosis Day 2022: দ্ৰুত গতিত বৃদ্ধি পাইছে অষ্টিঅ’পৰ’ছিছ ৰোগীৰ সংখ্যা!