সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ অক্টোবৰত বিশ্ব নিৰামিষ দিৱস পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে নিৰামিষ খাদ্যৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা ৷ সুস্বাস্থ্যৰ বাবে সদায় নিৰামিষ খাদ্য খোৱাটো ভাল ৷ সাধাৰণতে মানুহভাৱে যে নিৰামিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্য সোৱাদযুক্ত নহয় ৷
শৰীৰত সুস্বাস্থ্যৰ বাবে সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত নিৰামিষ খাদ্যৰ সহায়তহে শৰীৰৰ সকলো ভিটামিনৰ অভাৱ দূৰ কৰিব পৰা যায় ৷ সতেজ ফল-মূল, শাক-পাচলি আৰু গোটা শস্য খালে আপুনি ফিট হৈ থাকিব ৷ গতিকে নিৰামিষ খাদ্য খোৱাৰ অগণন উপকাৰিতা জানি লওক ৷
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
ভুল খাদ্যাভ্যাসৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে ৷ ইয়াৰ বাবে হৃদৰোগৰ আশংকা থাকে ৷ নিৰামিষ খাদ্য সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আঁহযুক্ত খাদ্য অৰ্থাৎ গোটা শস্য, বাদাম, মাহজাতীয় শস্য আদি গ্ৰহণ কৰিব পাৰি ৷ ইহঁতে কলেষ্টেৰলৰ সমস্যা নিয়ন্ত্ৰণ কৰি আপোনাৰ হৃদযন্ত্ৰক সুৰক্ষা দিয়ে ৷
ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক
বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিৰামিষ খাদ্য পালন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ নিৰামিষ খাদ্যত চৰ্বি আৰু ছডিয়ামৰ পৰিমাণ কম থাকে, যিয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত বহুতো ফল-মূলত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে উচ্চ বি পি নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷