অসম

assam

ETV Bharat / sukhibhava

World Trauma Day 2023: কিয় পালন কৰা হয় বিশ্ব ট্ৰমা দিৱস; এই দিৱসৰ বিশেষত্ব কি ? - আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য দিৱস ২০২৩

প্ৰতি বছৰে ১৭ অক্টোবৰৰ দিনটো বিশ্ব ট্ৰমা দিৱস হিচাপে পালন কৰা হয় । এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য আৰু এই দিৱস কিয় পালন কৰা হয় জানি লওক....

World Trauma Day 2023: Know why World Trauma Day is celebrated, what is the specialty of this day
কিয় পালন কৰা হয় বিশ্ব ট্ৰমা দিৱস; এই দিৱসৰ বিশেষত্ব কি ?

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 5:09 PM IST

আমাৰ জীৱনত হঠাৎ অনাকাংশিত বহু দুৰ্ঘটনা ঘটে ৷ এনে পৰিস্থিতিত এই ঘটনাবোৰে মানুহৰ অন্তৰ-মনত ইমানেই প্ৰভাৱ পেলায় যে বহুবাৰ এনে লোকে আনকি ট্ৰমাৰ বাবে নিজৰ প্ৰাণো হেৰুওৱাবলগীয়া হয় ৷ কোনোবা এটা ঘটনাৰ বাবে এজন ব্যক্তিয়ে হঠাৎ গভীৰ আঘাত পায়, ইয়াকেই ট্ৰমা বোলা হয় ৷ যেনে যিকোনো দুৰ্ঘটনা, কাৰোবাৰ মৃত্যু, যিকোনো প্ৰাকৃতিক দুৰ্যোগ বা হিংসাৰ ঘটনা ইত্যাদি ৷

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১৭ অক্টোবৰত বিশ্ব ট্ৰমা দিৱস পালন কৰা হয় ৷ এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে মানুহক ট্ৰমাৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে সজাগ কৰা ৷

যিকোনো বয়সতে কোনো ব্যক্তিৰ ওপৰত ট্ৰমাৰ প্ৰভাৱ পৰিব পাৰে ৷ ই মানুহক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে প্ৰভাৱিত কৰে ৷ গতিকে এই দিনটোৰ ইতিহাস আৰু গুৰুত্ব সম্পৰ্কে জানি লওক-

বিশ্ব ট্ৰমা দিৱসৰ ইতিহাস

এই দিৱস উদযাপন ২০১১ চনৰ পৰা আৰম্ভ হৈছিল, তেতিয়াৰ পৰা ১৭ অক্টোবৰ প্ৰতি বছৰে বিশ্ব ট্ৰমা দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ এই দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে ট্ৰমাৰ সৈতে যুঁজি থকা ব্যক্তিৰ সঠিক যত্নৰ বিষয়ে মানুহক সজাগ কৰা ৷ যিকোনো দুৰ্ঘটনাৰ সময়ত কোনো ব্যক্তিক ট্ৰমাৰ পৰা সময়মতে উলিয়াই অনাৰ গুৰুত্বক বিষয়ে সজাগতা সৃষ্টি কৰাটোৱেই হৈছে এই দিৱসৰ মূল উদ্দেশ্য ৷

বিশ্ব ট্ৰমা দিৱসৰ গুৰুত্ব

  • ট্ৰমাৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ৷
  • অধিকাংশ ট্ৰমাৰ ঘটনা পথ দুৰ্ঘটনাৰ বাবেই হোৱা দেখা যায়, সেয়েহে বিশ্ব ট্ৰমা দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে পথ সুৰক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰ ৷ যেনে মদ্যপান কৰি গাড়ী চলোৱা পৰিহাৰ কৰা, গাড়ী চলোৱাৰ সময়ত ছিটবেল্ট পিন্ধা, গাড়ী চলোৱাৰ নিয়ম মানি চলা আদি ৷
  • ট্ৰমাই এগৰাকী ব্যক্তিক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে প্ৰভাৱিত কৰে ৷ গতিকে এই সমস্যাত ভুগি থকা লোকসকলক সহায় আৰু সহযোগিতা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷

লগতে পঢ়ক:Black Sesame Benefits: স্বাস্থ্যৰ বাবে মহৌষধ স্বৰূপ ক’লা তিল, ইয়াৰ আচৰিত উপকাৰিতা জানি লওক

ABOUT THE AUTHOR

...view details