অসম

assam

ETV Bharat / sukhibhava

World Pharmacist Day 2023: ৰোগ নিৰাময় হ'লে প্ৰশংসা কৰা হয় চিকিৎসকক! কিন্তু ঔষধৰ জগতত ফাৰ্মাচিষ্টহে প্ৰকৃত নায়ক - বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ ইতিহাস

চিকিৎসা বিজ্ঞানত ফাৰ্মাচিষ্টসকলৰ অৱদানৰ শলাগ লোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰত ‘বিশ্ব ফাৰ্মাচিষ্ট দিৱস’ পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ফাৰ্মাচিষ্টসকলক শলাগ লোৱা আৰু লগতে তেওঁলোক আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বাৰ্তাও প্ৰেৰণ কৰা ৷

WORLD PHARMACIST DAY 2023
ৰোগ নিৰাময় হ'লে প্ৰশংসা কৰা হয় চিকিৎসকক! কিন্তু ঔষধৰ জগতত ফাৰ্মাচিষ্টহে প্ৰকৃত নায়ক

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:02 AM IST

যেতিয়াই কোনো ব্যক্তি অসুস্থ হৈ পৰে তেতিয়াই লগে লগে ডাক্তৰৰ ওচৰলৈ গৈ ঔষধ খায় ৷ সুস্থ হোৱাৰ পিছত তেওঁ চিকিৎসকক ধন্যবাদ দিয়ে কাৰণ তেওঁ তেওঁক সুস্থ হোৱাত সহায় কৰা ঔষধ খাবলৈ পৰামৰ্শ দিছিল ৷ কিন্তু এই সকলোবোৰৰ মাজত কোনেও নাভাবে যে এই জীৱনদায়ক ঔষধসমূহ কোনে আৱিষ্কাৰ কৰিছিল ৷ ঔষধ প্ৰস্তুত কৰি চিকিৎসকক ৰোগ নিৰ্ণয় কৰাত সহায় কৰা ব্যক্তিক ফাৰ্মাচিষ্ট বোলে ৷

২০২৩ চনৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ বিষয়বস্তু কি ?: ২০২৩ চনৰ বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ বিষয়বস্তু হৈছে “ফাৰ্মাচী স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা” ৷ এই বিষয়বস্তুৱে বিশ্বজুৰি স্বাস্থ্যসেৱা ব্যৱস্থা বৃদ্ধি আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচী পেছাদাৰীসকলৰ জটিল ভূমিকাক গুৰুত্ব আৰোপ কৰে ৷

এই দিৱস উদযাপনৰ মূল উদ্দেশ্য: চিকিৎসা বিজ্ঞানত ফাৰ্মাচিষ্টসকলৰ অৱদানৰ শলাগ লোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰত ‘বিশ্ব ফাৰ্মাচিষ্ট দিৱস’ পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ফাৰ্মাচিষ্টসকলক শলাগ লোৱা আৰু লগতে তেওঁলোক আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেই বাৰ্তাও প্ৰেৰণ কৰা ৷

বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ ইতিহাস: ২০০৯ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা বিশ্ব ফাৰ্মাচিষ্ট দিৱস আৰম্ভ কৰা হৈছিল ৷ বিশ্ব ফাৰ্মাচিষ্ট দিৱস প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেলছ ফেডাৰেচনে (এফ আই পি) তুৰস্কৰ ইস্তানবুলত উদযাপন কৰিছিল ৷ এই বিষয়ে অৱগত কৰি এফআইপিৰ মুৰব্বী ডমিনিক জৰ্ডানে এক জাননী জাৰি কৰিছে ৷ তথ্য অনুসৰি ১৯১২ চনৰ ২৫ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় ঔষধ ফেডাৰেচন গঠন কৰা হৈছিল ৷ সেইবাবেই এফ আই টিয়ে নিজৰ প্ৰতিষ্ঠা দিৱসতে আন্তঃৰাষ্ট্ৰীয় ফাৰ্মাচিষ্ট দিৱস আৰম্ভ কৰিছিল ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য আছিল ঔষধ আৱিষ্কাৰ, গৱেষণা আৰু উৎপাদনত ফাৰ্মাচিষ্টসকলৰ অৱদানক জনসাধাৰণৰ বাবে সুলভ কৰি তোলা আৰু চিকিৎসা ক্ষেত্ৰলৈ তেওঁলোকৰ কাম আৰু অৱদানৰ শলাগ লোৱা ৷

ফাৰ্মাচিষ্টৰ চাকৰি:ফাৰ্মাচিষ্টক সহজ ভাষাত ৰসায়নবিদ বুলিও জনা যায় ৷ সাধাৰণতে ৰসায়নবিদৰ নাম শুনিলেই ড্ৰাগছৰ দোকানত ঔষধ বিক্ৰী কৰা ব্যক্তিৰ প্ৰতিচ্ছবি আমাৰ মনলৈ আহে ৷ কিন্তু এজন ৰসায়নবিদৰ কাম কেৱল ঔষধ বিক্ৰী কৰা নহয় ৷ বেছিভাগ ৰসায়নবিদে সাধাৰণ ৰোগৰ ঔষধৰ পৰামৰ্শ দিয়াই নহয়, টিকাকৰণৰ দৰে কামো কৰে ৷ একে সময়তে ফাৰ্মাচিউটিকেল কোম্পানীত কৰ্মৰত ফাৰ্মাচিষ্টসকলেও বিভিন্ন ৰোগৰ নতুন ঔষধৰ বিষয়ে গৱেষণা আৰু প্ৰশিক্ষণৰ কাম কৰে ৷ ইয়াৰ উপৰিও ফাৰ্মাচিষ্টসকলে ঔষধ সামগ্ৰী নিৰ্মাণ, ঔষধ নিৰ্মাণ পদ্ধতি বিকশিত কৰা আৰু ঔষধৰ গুণগত নিয়ন্ত্ৰণৰ কামো কৰে ৷ সেইবাবেই ঔষধ কোম্পানীত কাম কৰা ফাৰ্মাচিষ্টক ঔষধ বিশেষজ্ঞ বুলিও কোৱা হয় ৷

লগতে পঢ়ক:Getting Wet In The Rain: বৰষুণত তিতাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী ? আজি জানি লওক

ABOUT THE AUTHOR

...view details