আজি বিশ্ব মহ দিৱস ৷ প্ৰতি বছৰে ২০ আগষ্টতৰ দিনা এই দিৱস পালন কৰা হয় ৷ মহৰদ্বাৰা সংক্ৰমিত ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দ্যেশ্যে প্ৰতি বছৰে ২০ আগষ্টৰ দিনা এই দিৱস পালন কৰা হয় ৷ ১৮৯৭ চনৰ ২০ আগষ্টত ছাৰ ৰ’নাল্ড ৰছে প্ৰথমবাৰৰ বাবে বিশ্ব মহ দিৱসৰ আৰম্ভণি কৰিছিল ৷
মহে কামোৰাৰ ফলত মেলেৰিয়া, ডেংগুৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ কিন্তু এই দিৱস পালনৰ প্ৰধান উদ্দেশ্য হৈছে মহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আৰু মহৰ পৰা হ’ব পৰা ৰোগৰ প্ৰতি মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ৷ বিশেষকৈ বাৰিষাকালত মহৰ প্ৰজনন বৃদ্ধি পায় ৷ বহুতো ৰোগো দেখা দিয়ে ৷ ইয়াৰ ভিতৰত ডেংগু, মেলেৰিয়া, জিকা ভাইৰাছ আৰু চিকুংগুনিয়া, জাপানীজ এনকেফ্লাইটিছ আদি উল্লেখযোগ্য ৰোগ ৷ বিশেষকৈ ডেংগু আৰু মেলেৰিয়াৰ বিৰুদ্ধে অধিক প্ৰতিৰোধ ক্ষমতাৰ প্ৰয়োজন ৷
বিশ্ব মহ দিৱসৰ ইতিহাস আৰু তাৎপৰ্য: ১৯৩০ চনৰ পৰা লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ ব্ৰিটিছ চিকিৎসকৰ অৱদানৰ স্মৃতিত প্ৰতি বছৰেবিশ্ব মহ দিৱসৰ দিনটোত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এক প্ৰতিবেদন অনুসৰি ২০১০ চনত আফ্ৰিকাত মহৰ কামোৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক ৷ ইয়াৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে ৷ বিশেষকৈ বাৰিষাৰ সময়ত শৰীৰ ঢাকিব পৰা কাপোৰ পিন্ধিব লাগে ৷
বিশেষজ্ঞসকলৰ মতে, ১৮৯৭ চনৰ পৰা মহ দিৱস উদযাপন আৰম্ভ হৈছিল ৷ যেতিয়া এই দিনটো প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল ব্ৰিটিছ চিকিৎসক ৰ’নাল্ড ৰছে ৷ এই মহে প্লাজমোডিয়াম পৰজীৱী কঢ়িয়াই লৈ ফুৰে যিটো তেজৰ জৰিয়তে শৰীৰৰ মাজেৰে বিয়পি পৰে ৷ বিশেষকৈ যকৃতত উপনীত হোৱাৰ পিছত ই স্থায়ী হৈ থাকে আৰু ৰক্তকণিকাক দ্ৰুতগতিত সংক্ৰমিত কৰে ৷ এই প্ৰচেষ্টাৰ বাবে ১৯০২ চনত তেওঁ শৰীৰবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে ৷ বিশ্বজুৰি মেলেৰিয়া এক ডাঙৰ সমস্যা হৈয়ে আছে ৷ আফ্ৰিকাৰ দেশসমূহ এই ৰোগত অধিক আক্ৰান্ত হয় ৷
মহে কেনেকৈ ৰোগ বিয়পায়: বিশেষজ্ঞসকলৰ মতে, মহৰ কামোৰাৰ সময় আৰু কৌশল থাকে ৷ অৰ্থাৎ মাইকী মহে খাদ্য হিচাপে তেজ লয় ৷ গতিকে ই মানুহ আৰু জীৱ-জন্তুৰ পৰা তেজ চুহি লয় ৷ আনহাতে, কণী পৰা গোন্ধে ফুলৰ পৰেগ খাদ্য হিচাপে লয় ৷ মাইকী এনোফিলিছ মহৰ কামোৰৰ ফলত মেলেৰিয়া হয় ৷ অৱশ্যে এই মহে কামুৰিবলৈ এটা নিৰ্দিষ্ট সময় থাকে ৷ এই মহে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ মাজত কামোৰে ৷ এডিছ মহে সূৰ্য উদয়ৰ পূৰ্বে বা সন্ধিয়া কামোৰে ৷ ইয়াৰ উপৰিও কিউলেক্স মহ আনতকৈ পৃথক ৷ এই মহবোৰে গোটেই ৰাতি সক্ৰিয় হৈ থাকে আৰু ৰাতি ঘৰৰ ভিতৰত আৰু বাহিৰত যিকোনো ঠাইতে কামূৰিব পাৰে ৷ এক অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনৰ বাবে বিশ্বৰ প্ৰায় ৫০ শতাংশ লোক মহৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব ৷
মহৰ পৰা হাত সাৰিবলৈ উপায়:
- দূষিত পানী পৰিহাৰ কৰক: আৰ্দ্ৰ অঞ্চল আৰু জমা হৈ থকা পানীত মহে সোনকালে প্ৰজনন কৰে ৷ মহৰ প্ৰজনন ৰোধ কৰিবলৈ লেতেৰা ঠাইৰ পৰা আঁতৰি থাকিব লাগে ৷
- চৌপাশৰ অংশ শুকান আৰু পৰিষ্কাৰ কৰি ৰাখক ৷
- বৰষুণৰ পানী জমা হোৱা ঠাইবোৰ মুকলি ঠাইত আঁতৰাই পেলাব লাগে ৷ ঘৰত টায়াৰ আদি নাৰাখিব ৷
- মহকে ধৰি বহুতো বেক্টেৰিয়া আন্ধাৰ আৰু লেতেৰা পৰিৱেশৰ প্ৰতি আকৰ্ষিত হয় ৷ গতিকে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷
- ৰাতি শুবলৈ যোৱাৰ পূৰ্বে সাৱধানতা অৱলম্বন কৰক ৷ শোৱাৰ সময়ত আঠুৱাৰ ব্যৱহাৰ কৰক ৷
লগতে পঢ়ক:World Photography Day 2023: বিশ্বৰ প্ৰথমখন ফটো তোলাৰ বাবে কিমান সময়ৰ প্ৰয়োজন হৈছিল জানেনে ?