২ জানুৱাৰীৰ দিনটো অন্তৰ্মুখী স্বভাৱৰ লোকৰ বাবে উৎসৰ্গা কৰা হৈছে ৷ ২ জানুৱাৰী তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব অন্তৰ্মুখী দিৱস পালন কৰা হয় ৷ যাৰ উদ্দেশ্য হৈছে আন মানুহক অন্তৰ্মুখী লোকৰ জগতখনৰ সৈতে পৰিচয় কৰাই দিয়া ৷
বহু সময়ত মানুহে অন্তৰ্মুখী হোৱাটো এটা বিকাৰ হিচাপে লয়, যিটো কৰাটো একেবাৰেই ভুল, ই মাথোঁ এটা প্ৰকৃতি ৷ এই দিৱস উদযাপনৰ আঁৰৰ উদ্দেশ্য হৈছে এই বাৰ্তা মানুহৰ মাজলৈ প্ৰেৰণ কৰা, গতিকে এনে লোকক বিচ্ছিন্ন কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ অনুভৱ বুজাটো গুৰুত্বপূৰ্ণ ৷
বিশ্ব অন্তৰ্মুখী দিৱসৰ ইতিহাস
জাৰ্মানীৰ সুপৰিচিত মনোবিজ্ঞানী আৰু লেখক ফেলিচিটাছ হাইনেক সুঁৱৰি সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়৷ ২০১১ চনৰ আজিৰ দিনটোতে এই দিৱস উদযাপন আৰম্ভ হৈছিল ৷ ফেলিচিটাছ হেনে এই দিনটোৰ জৰিয়তে আন মানুহক অন্তৰ্মুখী লোকৰ বিশেষত্বৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰিছিল ৷ বহুতে অন্তৰ্মুখী মানুহক অদ্ভুত বুলি গণ্য কৰে, আনহাতে কিছুমানে ইয়াক ৰোগৰ দৰে গণ্য কৰে ৷ এই ভ্ৰান্ত ধাৰণাবোৰ আঁতৰাই ইয়াৰ বিৰুদ্ধে হোৱা ভেদভাব দূৰ কৰাৰ লক্ষ্যৰে এই দিৱস আৰম্ভ কৰা হৈছিল ৷