বিশ্ব স্বাস্থ্য সংস্থাই এপ্ৰিলৰ অন্তিম সপ্তাহটো অৰ্থাৎ ২৪ৰ পৰা ৩০ তাৰিখলৈ বিশ্ব টীকাকৰণ সপ্তাহ (World Immunization Week) হিচাপে পালন কৰি আহিছে । এই বছৰ, বিশ্ব টীকাকৰণ সপ্তাহৰ বিষয়বস্তু হৈছে 'সকলো দীৰ্ঘায়ু হওঁক' (Long Life For All)। এই সপ্তাহৰ উদ্দেশ্য হৈছে সকলো বয়সৰ লোকক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষেধক গ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা । ধাৰণা কৰা হয় যে সময়মতে টীকাকৰণৰ ফলত বিশ্বজুৰি প্ৰায় ১.৫ নিযুত মৃত্যু কমাব পাৰি ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিষেধকে ১৭৯৬ চনৰ পৰা নিৰ্বিচাৰভাৱে জীৱন ৰক্ষা কৰি আহিছে (Vaccines have been indiscriminately saving lives since 1796)। প্ৰথমে সৰু আইৰ টীকাকৰণ আছিল যিয়ে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিছিল । ইয়াৰ পাছত যোৱা সময়চোৱাত শ শ প্ৰতিষেধক উদ্ভাৱনৰ লগে লগে কোটি কোটি লোক দীৰ্ঘায়ু হৈছে ।
এতিয়ালৈকে, টীকাকৰণে প্ৰায় ২০ টা বেলেগ বেলেগ ৰোগৰ সৈতে যুঁজ দিয়াৰ লগতে মৃত্যু প্ৰতিৰোধ কৰাত সহায় কৰিছে । সেইবোৰ হৈছে কাৰ্ভিকেল কৰ্কট, কলেৰা, ডিপথেৰিয়া, হেপাটাইটিছ বি, ইনফ্লুৱেঞ্জা, জাপানীজ এনকেফেলাইটিছ, সৰু আই, মেনিনজাইটিছ, মাম্পচ, নিউমোনিয়া, পলিঅ', জণ্ডিছ ইত্যাদি ।
শেহতীয়াকৈ, ক'ভিড-১৯ৰ বিৰুদ্ধে বিকশিত প্ৰতিষেধকবোৰেও চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ আশংকা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । কলকাতাৰ চিএমআৰআইৰ পালমোনোলজিষ্ট ডাঃ ৰাজা ধৰে কোৱা মতে প্ৰতিষেধকে ইয়াৰ কাৰ্যকাৰিতা বাৰে বাৰে প্ৰমাণ কৰিছে আৰু বৰ্তমান সময়ত টীকাকৰণ কৰা লোকসকলে উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে ।
মুম্বাইৰ পালমোনোলজিষ্ট ডাঃ আগম ভোৰাই এই সম্পৰ্কত কয় যে প্ৰতিষেধক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক ব্যৱস্থা যিয়ে মানুহৰ আয়ুস বৃদ্ধিত সহায় কৰে আৰু ৰোগৰ হাৰ হ্ৰাস কৰে । প্ৰতিষেধক সম্পৰ্কে আলোচনা কৰাটো অতি প্ৰয়োজন কিয়নো ২৯ টাত কৈ অধিক প্ৰতিষেধকে ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ মতে যেতিয়া টীকাকৰণ সময়মতে কৰা হয়, যিকোনো বয়সত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০২০ চনত সমগ্ৰ বিশ্বতে ক'ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে একে বছৰতে সম্পূৰ্ণৰূপে টীকাকৰণ নোহোৱা শিশুৰ সংখ্যা ৩.৪ নিযুত বৃদ্ধি হৈছে । ২০২০২ চনত, ২৩ নিযুত শিশুৱে নিয়মীয়া স্বাস্থ্য সেৱাৰ জৰিয়তে শৈশৱৰ প্ৰাথমিক প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে । এই সংখ্যা ২০০৯ চনৰ পাছত সৰ্বাধিক ।