হৃদযন্ত্ৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ ৷ ই সমগ্ৰ শৰীৰটোৰ কাৰ্য সম্পন্ন কৰে ৷ যদি আমি হৃদৰোগত আক্ৰান্ত হওঁ তেন্তে ই আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ খাদ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ আজিৰ সময়ত যুৱক-যুৱতীসকলো হৃদৰোগৰ বলি হৈছে ৷ গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে প্ৰচেষ্টা চলোৱাটো জৰুৰী ৷
বিশ্ব হৃদযন্ত্ৰ দিৱসৰ ইতিহাস: এই দিৱস আৰম্ভ কৰিছিল WHF আৰু WHOয়ে ৷ এই দিৱসটো ছেপ্টেম্বৰৰ অন্তিম দেওবাৰে উদযাপন কৰিবলৈ ঘোষণা কৰা হয় ৷ কিন্তু ২০০০ চনৰ ২৪ ছেপ্টেম্বৰত ইয়াক আৰম্ভ কৰা হয় ৷ ইয়াৰ পিছত ২৯ ছেপ্টেম্বৰত বিশ্ব হৃদযন্ত্ৰ দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷
বিশ্ব হৃদযন্ত্ৰ দিৱসৰ উদ্দেশ্য:বিশ্ব হৃদযন্ত্ৰ দিৱসৰ উদ্দেশ্য হৈছে মানুহক হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগৰ বিষয়ে সকলোকে সজাগ কৰা ৷ আজি বিশ্বৰ জনসাধাৰণক প্ৰভাৱিত কৰা হৃদযন্ত্ৰ সম্পৰ্কীয় বিষয় আৰু ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে WHF-এ এই দিৱসটো প্ৰতিষ্ঠা কৰা হৈছিল ৷