প্ৰতি বছৰে ১৫ জুনত বিশ্বজুৰি বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱস পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বৃদ্ধসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰা, তেওঁলোকক সজাগ কৰা আৰু ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা । আজিকালি এনে বহু গোচৰ শুনা যায় য’ত মানুহে বৃদ্ধ পিতৃ-মাতৃক ভাল ব্যৱহাৰ নকৰে, বৃদ্ধাশ্ৰমলৈ পঠিয়াই আন বহু ধৰণে হাৰাশাস্তি কৰে । যিটো বৰ দুখৰ কথা ।
বিশ্ব বৃদ্ধ নিৰ্যাতন সজাগতা দিৱসৰ ইতিহাস: এই দিৱসটো পোন প্ৰথমবাৰৰ বাবে ২০১১ চনৰ ১৫ জুনত পালন কৰা হৈছিল । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১১ চনৰ ডিচেম্বৰ মাহত বৃদ্ধ নিৰ্যাতন প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ অনুৰোধৰ পিছত ৰাষ্ট্ৰসংঘৰ ৬৬/১২৭ নং প্ৰস্তাৱ গৃহীত কৰি বিশ্ব বয়োজ্যেষ্ঠ নিৰ্যাতন সজাগতা দিৱসক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে । বয়োজ্যেষ্ঠসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ ‘আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ নিৰ্যাতন প্ৰতিৰোধৰ নেটৱৰ্ক’ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ই যৌথভাৱে এই দিৱসটো আৰম্ভ কৰে ।
লগতে পঢ়ক:International Albinism Awareness Day 2023: কি হয় এলবিনিজম ৰোগ ? ইয়াৰ বিষয়ে বিশদভাৱে জানো আহক