বিশ্বৰ জনসংখ্যা প্ৰায় ৮০০ কোটি হৈছে গৈ ৷ এয়া কম হোৱাৰ পৰিৱৰ্তে দ্ৰুতগতিত বৃদ্ধি হৈ গৈ আছে ৷ ইয়াক ৰোধ কৰিবলৈ বহু দেশৰ চৰকাৰ আৰু বহুতো সংস্থাই অহৰহ সকলোকে সজাগ কৰি আহিছে ৷ সেয়ে এই প্ৰয়াসৰ ওপৰত লক্ষ্য ৰাখি প্ৰতি বছৰে ২৬ ছেপ্টেম্বৰত ‘বিশ্ব গৰ্ভনিৰোধ দিৱস’ পালন কৰা হয় ৷
বিশ্ব গৰ্ভনিৰোধ দিৱসৰ ইতিহাস
২০০৭ চনত “বিশ্ব গৰ্ভনিৰোধ দিৱস”ৰ আৰম্ভণি হৈছিল । ২০০৭ চনৰ আজিৰ দিনটোতে সমগ্ৰ বিশ্বৰ দহটা বিশ্বব্যাপী পৰিয়াল পৰিকল্পনা সংস্থাই ঘোষণা কৰিছিল যে গৰ্ভনিৰোধৰ ব্যৱহাৰ, যাৰ ফলত সন্তান জন্ম দিয়াৰ ইচ্ছাকৃতভাৱে বাছনি কৰিব পৰা যায়, সেয়াই হৈছে এই দিৱসৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ।
বহু খবৰত পোহৰলৈ আহিছে যে বৃহৎ সংখ্যক লোকে গৰ্ভনিৰোধক ব্যৱহাৰ নকৰে ৷ এতিয়ালৈকে আপুনি নিশ্চয় বহুবাৰ গৰ্ভনিৰোধক ঔষধ অৰ্থাৎ গৰ্ভনিৰোধক বড়িৰ বিষয়ে শুনিছে ৷ কিন্তু বহুতৰে মনত এই প্ৰশ্ন নিশ্চয়কৈ আহে যে,সঁচাকৈ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰাটো নিৰাপদ হয় নে নহয় ? সেয়ে আজি বিশ্ব গৰ্ভনিৰোধ দিৱসত গৰ্ভনিৰোধক ঔষধ সম্পৰ্কীয় সকলো প্ৰশ্নৰ উত্তৰ বিশেষজ্ঞৰ পৰা জানি লও আহক ৷
গৰ্ভনিৰোধৰ অৰ্থ কি ?
বিশেষজ্ঞৰ মতে, পৰিয়াল পৰিকল্পনা বা গৰ্ভধাৰণ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিসমূহক গৰ্ভনিৰোধক বুলি কোৱা হয় ৷ বৃহৎ সংখ্যক লোকৰ হাতত এই বিষয়ৰ ওপৰচ কোনো সঠিক তথ্য নাই ৷ এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যাৰ বিষয়ে সজাগতা বিয়পোৱাটো উচিত ৷ স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ পিছত পৰিয়াল পৰিকল্পনাৰ বাবে গৰ্ভনিৰোধক এটা ভাল আৰু নিৰাপদ বিকল্প হ’ব পাৰে ৷ বয়স আৰু শৰীৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি মানুহক এই বিষয়ে পৰামৰ্শ দিয়া হয় ৷
গৰ্ভনিৰোধক কিমান প্ৰকাৰৰ ?
গৰ্ভনিৰোধক প্ৰধানকৈ ৪ প্ৰকাৰৰ ৷ প্ৰথমটো হ’ল বাধাৰ গৰ্ভনিৰোধক পদ্ধতি, য’ত গৰ্ভাৱস্থাৰ পৰা হাত সাৰিবলৈ পুৰুষ বা মহিলাৰ কণ্ডম ব্যৱহাৰ কৰা হয় ৷ দ্বিতীয় পদ্ধতিটো হ’ল ঔষধি গৰ্ভনিৰোধক, যাক হৰম’ন গৰ্ভনিৰোধক বুলিও কোৱা হয় ৷ এই পদ্ধতিত গৰ্ভনিৰোধক বড়ি ব্যৱহাৰ কৰা হয় ৷ তৃতীয় পদ্ধতিটো হ’ল জৰায়ুৰ ভিতৰত গৰ্ভনিৰোধক যন্ত্ৰ, য’ত জৰায়ুৰ ভিতৰত কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা হয় ৷ চতুৰ্থ পদ্ধতি হ’ল অস্ত্ৰোপচাৰৰ দ্বাৰা গৰ্ভনিৰোধক, য’ত অস্ত্ৰোপচাৰৰ জৰিয়তে বন্ধ্যাকৰণ কৰা হয় ৷
গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰাটো নিৰাপদ নে ?
বিশেষজ্ঞই কয় যে, চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ গৰ্ভনিৰোধক বড়ি ব্যৱহাৰ কৰিব নালাগে ৷ গৰ্ভনিৰোধক বড়ি দুই প্ৰকাৰৰ ৷ এটা স্বাভাৱিক আৰু আনটো জৰুৰীকালীন ৷ বহু সংখ্যক লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে জৰুৰীকালীন গৰ্ভনিৰোধক বড়ি ব্যৱহাৰ কৰে, যিটো বিপদজনক হ’ব পাৰে ৷ জৰুৰীকালীন বড়ি জীৱনত এবাৰ বা দুবাৰতকৈ বেছি খাব নালাগে অন্যথা ইয়াৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে ৷ যদি চিকিৎসকৰ পৰামৰ্শ অনুসৰি গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰা হয় তেন্তে ইয়াক নিৰাপদ বুলি গণ্য কৰা হয় ৷ বিশেষজ্ঞসকলে সকলো পৰীক্ষা কৰাৰ পিছতহে বড়িৰ পৰামৰ্শ দিয়ে ৷
হৃদযন্ত্ৰৰ ক্ষেত্ৰত এই ঔষধৰ পাৰ্শ্বক্ৰিয়া ?
বিশেষজ্ঞৰ মতে, বহু সময়ত গৰ্ভনিৰোধক বড়িৰ অত্যধিক ব্যৱহাৰৰ ফলত ষ্ট্ৰোকৰ ঘটনা সংঘটিত হয় ৷ ইয়াৰ পৰা হাত সাৰিবলৈ এই বড়িবোৰ কেৱল স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিহে ব্যৱহাৰ কৰিব লাগে ৷ গৰ্ভনিৰোধক বড়িৰ অত্যধিক ব্যৱহাৰে হাইপাৰকলেষ্টেৰিয়ামিয়া, তেজ জমা হোৱা আৰু হৰম’নৰ সৈতেও জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ বিভিন্ন মানুহৰ ওপৰত ইয়াৰ বিভিন্ন প্ৰভাৱ পৰিব পাৰে ৷ এই অৱস্থাৰ পৰা হাত সাৰিবলৈ নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷
বিশ্ব গৰ্ভনিৰোধ দিৱস ২০২৩ৰ থিম
এই বছৰ ২০২৩ চনত বিশ্ব গৰ্ভনিৰোধ দিৱস ২০২৩ৰ বিষয়বস্তু হৈছে "বিকল্পৰ শক্তি"(The Power of Options), এই বিষয়বস্তুৰ দ্বাৰা গৰ্ভনিৰোধকৰ বিকল্পই মানুহক তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পৰাকৈ গ্ৰহণ কৰা অপৰিহাৰ্য ভূমিকাক আলোকপাত কৰা হৈছে ।