চকলেট হৈছে পৃথিৱীৰ আটাইতকৈ অধিকভাৱে গ্ৰহণ কৰা এবিধ মিঠা খাদ্য । প্ৰতিটো বতৰতে চকলেট আমি খাবলৈ ভালপাও । বিভিন্ন ধৰণৰ চকলেট, মানুহে নিজৰ পছন্দ অনুসৰি ক্ৰয় কৰে ৷ শিশুৰ পৰা বৃদ্ধলৈকে চকলেট অতি ৰুচিৰে খোৱা হয় । স্বাস্থ্যৰ বাবেও চকলেট অতি উপকাৰী বুলি গণ্য কৰা হয় । চকলেট খালে মানসিক স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় । প্ৰতি বছৰে ৭ জুলাইত বিশ্ব চকলেট দিৱস পালন কৰা হয় । চকলেট খাবলৈ ভাল পোৱা লোকৰ বাবে এই দিনটো অতি বিশেষ । সেয়ে আজি আমি আপোনালোকক জনাম যে সঠিক পৰিমাণত চকলেট খালে স্বাস্থ্যৰ কি কি উপকাৰিতা সাধন হয় ।
মেজাজ উন্নত কৰে
এতিয়ালৈকে বহু গৱেষণাত প্ৰকাশ পাইছে যে, চকলেট খালে মেজাজ উন্নত হ’ব পাৰে । জন হপকিন্স মেডিচিনৰ প্ৰতিবেদন অনুসৰি মানসিক চাপ আৰু উদ্বেগ হ্ৰাসৰ বাবে ডাৰ্ক চকলেটক সৰ্বোত্তম বুলি বিবেচিত কৰা হৈছে । চকলেটত উপস্থিত থকা মৌলটোৱে ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে আৰু হেপি হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে । ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায় আৰু মেজাজ বৃদ্ধি পায় ।
মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে
ডাৰ্ক চকলেটত থকা ফ্লেভনলে মগজুৰ কাৰ্যক্ষমতাত ইতিবাচক প্ৰভাৱ পেলায় । চকলেট খালে স্মৃতিশক্তি চোকা হ’ব পাৰে । গৱেষকসকলৰ মতে, চকলেটত থকা ফ্লেভনলে মগজুলৈ তেজৰ সোঁত বৃদ্ধি কৰে । ইয়াৰ দ্বাৰা মগজুৰ স্বাস্থ্য উন্নত কৰিব পাৰি । চকলেটে হতাশাৰ লক্ষণৰ পৰাও সকাহ দিব পাৰে। চকলেট খোৱাটোৱে মানসিক স্বাস্থ্যৰ যথেষ্ট শক্তি প্ৰদান কৰে ।
হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে