প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈকে স্তনপান সপ্তাহ পালন কৰা হয় । স্তনপান কৰোৱাটো শিশু তথা মাতৃৰ বাবে কিমান উপকাৰী সেই বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই সপ্তাহটো বিশ্ব স্তনপান সপ্তাহ হিচাপে উদযাপন কৰা হয় । এইবাৰ স্তনপানৰ বিষয়বস্তু হৈছে "Let's make breastfeeding and work, work!" এই বিষয়বস্তুটো কৰ্মৰত মহিলাৰ সমন্বয় আৰু স্তনপানৰ সৈতে জড়িত ।
উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ১৯৯২ চনত আনুষ্ঠানিকভাৱে স্তনপান দিৱস পালন কৰা হয় । আনহাতে বহু মহিলাই যাতায়ত বা ক’ৰবালৈ যোৱাৰ সময়ত ৰাজহুৱা স্থানত শিশুটিক স্তনপান কৰায় । কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰাজহুৱা স্থানত স্তনপান কৰোৱাটো মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক ।
ৰাজহুৱা স্থানত স্তনপান কৰোৱাৰ স্বাস্থ্যজনিত প্ৰভাৱ
ৰাজহুৱা স্থানত শিশুক স্তনপান কৰাই দিয়া বিষয়টোৱে আজিকালি সমাজত বিতৰ্কিত ৰূপ ধাৰণ কৰিছে । কোনো কোনোৱে ইয়াক অগ্ৰাহ্য বুলি গণ্য কৰে আৰু কোনোৱে ইয়াক স্বাভাৱিক কাৰ্য বুলি গণ্য কৰে । সাধাৰণতে ৰাজহুৱা স্থানত মহিলাসকলে লাজ বা সংকোচ অনুভৱ কৰে । অৱশ্যে ইয়াৰ সৈতে জড়িত বহু কথা আয়ুৰ্বেদতো উল্লেখ আছে, যিবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত ।
১) আৰাম-ৰাজহুৱা স্থানত স্তনপান কৰোৱাৰ পূৰ্বে মাতৃয়েও নিজৰ আৰামৰ যত্ন ল’ব লাগে । আয়ুৰ্বেদৰ মতে, এগৰাকী মাতৃয়ে নিজৰ আৰামৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । ইয়াৰ লগে লগে তেওঁলোকো সুস্থ হৈ থাকিব আৰু শান্তিৰে স্তনপান কৰাব পাৰিব । ইয়াৰ লগতে শৰীৰে কেঁচুৱাটোক সম্পূৰ্ণৰূপে পুষ্টিও দিবলৈ সক্ষম হ’ব ।