এলঝাইমাৰ ৰোগ হ'ল মস্তিষ্কত হোৱা এবিধ বিশেষ ধৰণৰ ৰোগ ৷ এই ৰোগক আক্রান্ত হলে মস্তিষ্কৰ স্নায়কোষসমূহ ধ্বংস হ'বলৈ আৰম্ভ কৰে ৷ ধ্বংসহোৱা স্নায়ুকোষসমূহৰ বাবেই স্মৃতিশক্তি লোপ পাবলৈ ধৰে ৷
সাধাৰণতে এই ৰোগ ৬০ৰ উৰ্দ্ধৰ লোকৰ বেছি হোৱা দেখা যায় ৷ অৱশ্যে এই ক্ষেত্ৰত কমবয়সীয়া লোক আক্রান্ত নহয় বুলি নিশ্চয়কৈ ক'ব নোৱাৰি ৷ চিকিৎসা বিজ্ঞানত স্মৃতিভ্ৰমক ডিমেনছিয়া বুলি কোৱা হয় ৷ ডিমেনছিয়াৰ অন্যতম কাৰণ এলঝাইমাৰ ৰোগ ৷ সমগ্র বিশ্বতে ২১.৭ শতাংশ লোক এলঝাইমাৰ ৰোগত আক্রান্ত হয় ৷ ১৯০৭ চনত জাৰ্মানীৰ বিখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ এলয়েছ এলঝাইমাৰে প্ৰথমবাৰৰ বাবে স্মৃতিভ্ৰমৰ কাৰণ সম্পৰ্কে বাখ্যা কৰিছিল ৷
পুৰুষ-মহিলা উভয়ে এই ৰোগত ভুগিবলৈ ধৰিছে ৷ সাধাৰণতে ৬৫ৰ উৰ্দ্ধৰ প্ৰতি ১৫ গৰাকী লোকৰ ভিতৰত এগৰাকীৰ এই ৰোগ হোৱা দেখা যায় ৷
এলঝাইমাৰ ৰোগৰ লক্ষণসমূহ কি কি ?
১)এই ৰোগে স্মৃতিশক্তি হ্ৰাস কৰে, যাৰ বাবে মানুহে একো মনত ৰাখিব নোৱাৰে ৷
২)দৈনন্দিন কাম-কাজ পৰিচালনাত অসুবিধাৰ সন্মুখীন হয় ৷
৩)এনে ৰোগত আক্রান্ত ব্যক্তিৰ উদ্যমৰ অভাৱ পৰিলক্ষিত হয় ৷ কাম-বন কৰিবলৈ ইচ্ছা নকৰে ৷