অসম

assam

ETV Bharat / sukhibhava

কৰ্মস্থলীত দীৰ্ঘসময়লৈকে কাম কৰে নেকি ? তেন্তে সৰ্বনাশ - হৃদৰোগৰ আশংকা

Long Working Hours: দীৰ্ঘসময়লৈকে পোৱা কৰ্মসংক্ৰান্তীয় মানসিক চাপ আপোনাৰ শৰীৰৰ বাবে হ’ব পাৰে মাৰাত্মক । পুৰুষসকলৰো হ’ব পাৰে এই সমস্যা ৷

Working for long hours increases the risk of heart attack
কৰ্মস্থলীত দীৰ্ঘসময়লৈকে কাম কৰে নেকি ? তেন্তে সৰ্বনাশ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 12:06 PM IST

কোনেও কৰ্মস্থলীত অধিক সময়লৈকে কাম কৰি ভাল নাপায় কিন্তু দুৰ্ভাগ্যজনকভাৱে বহুলোকৰ হাতত প্ৰয়োজনতকৈ অধিক সময় কাম কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকে ৷ আপোনালোকক জনাই দিও যে, দীৰ্ঘসময়লৈকে কাম কৰিলে মগজুৰ পৰা হৃদযন্ত্ৰলৈকে শৰীৰত বহু দিশত প্ৰভাৱ পৰিব পাৰে ৷ প্ৰতিবেদন অনুসৰি কৰ্মস্থলীত বহু সময় বহি থাকিলে হৃদৰোগৰ আশংকা থাকিব পাৰে ৷

এইসকল লোকৰ ক্ষেত্ৰত থাকে হৃদৰোগৰ আশংকা

২০১৭ চনত ইউৰোপিয়ান হেল্থ জাৰ্নেলত প্ৰকাশিত এক বহু গোটৰ অধ্যয়নত দেখা গৈছে যে, দীৰ্ঘ সময়লৈকে কাম কৰা লোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি ৷ কেৱল এয়াই নহয়, বিশ্ব স্বাস্থ্য সংস্থাইও ২০১৬ চনত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল, য’ত কোৱা হৈছিল যে হাৰ্ট এটাক বা ষ্ট্ৰোকৰ ফলত হোৱা প্ৰায় ৭ লাখ ৪৫ হাজাৰ লোকৰ মৃত্যু দীৰ্ঘ সময় ধৰি কাম কৰাৰ লগত জড়িত ৷

দীৰ্ঘসময় ধৰি কৰ্মসংক্ৰান্তীয় মানসিক চাপে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে, বিশেষকৈ পুৰুষসকল এই ৰোগত আক্ৰান্ত হয়, যিটো অত্যন্ত এক চিন্তনীয় বিষয় ৷ দীৰ্ঘসময় ধৰি মানসিক চাপত থাকিলে ধাৰাবাহিকভাৱে শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপ, প্ৰদাহ আৰু হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ প্ৰৱণতা বৃদ্ধি পায় ৷

যেতিয়া আপুনি দীৰ্ঘ সময়লৈকে কাম কৰে তেতিয়া ই কেৱল আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয়, বৰঞ্চ আপোনাৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় ৷ ইয়াৰ ভিতৰত উদ্বেগ আৰু হতাশা আৰু মানসিক চিন্তাও অন্তৰ্ভুক্ত ৷ ইয়াৰ লগতে আপুনি কোনো কামত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে আৰু ভালদৰে টোপনি অহাতো অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷

পুৰুষসকল অধিক সতৰ্ক হওক

ব্যক্তি, বিশেষকৈ পুৰুষে জীৱনশৈলীৰ পৰিৱৰ্তন, ব্যায়াম আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে ৷ কিছুমান গৱেষণাৰ পৰাও দেখা গৈছে যে মহিলাতকৈ পুৰুষৰ বিপদ বেছি ৷ সপ্তাহত ৩৫-৪০ ঘণ্টা কাম কৰাৰ তুলনাত সপ্তাহত ৫৫ ঘণ্টা কাম কৰিলে আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বেছি হ’ব পাৰে ৷

এই বিপদ কেনেকৈ হ্ৰাস কৰিব পাৰি ?

যদি দীঘলীয়া সময় কাম কৰাটো অতি প্ৰয়োজনীয়, তেন্তে আপুনি কাৰ্যকৰী পদ্ধতি বাছি লোৱাটো উচিত, যিয়ে আপোনাৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে ৷ ইয়াৰ লগতে ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাৰ পৰাও হাত সাৰিবলৈ চিকিৎসকে সুস্থ জীৱনশৈলী মানি চলিবলৈ পৰামৰ্শ দিয়ে ৷

  • উচ্চ চৰ্বি, নিমখ, কম আঁহযুক্ত খাদ্য, জাংক আৰু ফাষ্ট ফুডযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক
  • দৈনিক ব্যায়াম কৰক
  • ধঁপাত সেৱন হ্ৰাস কৰক

লগতে পঢ়ক:হঠাৎ হাঁচি আহি চকুৰে পানী ওলাই নেকি, তেন্তে এইসমূহ খাদ্য সামগ্ৰীৰে দূৰ কৰক এনে সমস্যা

ABOUT THE AUTHOR

...view details