গ্ৰীষ্মকালৰ তুলনাত শীতকাল বহুতৰ বাবে অধিক সুখপ্ৰদ বা আৰামদায়ক ৷ জহকালিৰ তুলনাত জাৰকালি ৰোগৰ প্ৰাদূৰ্ভাৱো কম ৷ বছৰটোত শীতৰ প্ৰভাৱ বেছিকৈ থকা অঞ্চলসমূহৰ লোকক কমকৈ ৰোগাক্ৰান্ত হোৱা দেখা যায়(Winter diseases and precautions to be taken) ৷ তাৰ বিপৰীতে ট্ৰপিকেল দেশসমূহত, য’ত গৰম আৰু বৰষুণ বেচিকৈ পৰে সেই অঞ্চলসমূহত বিভিন্ন ৰোগৰ প্ৰাধান্য পৰিলক্ষিত হয় ৷ কিন্তু জাৰকালি জানো ৰোগ নোহোৱাকৈ থাকে? আজি আমি জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া কিছু সাৱধানতাৰ বিষয়ে চৰ্চা কৰিম(How to protect yourself during winter season) ৷
জাৰকালি দেখা যোৱা সাধাৰণ ৰোগসমূহ, ইয়াৰ প্ৰতিকাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহ
- চৰ্দি বা পানী লগা
চৰ্দি বা পানী লগাৰ বিৰক্তিকৰ অভিজ্ঞতা নথকা লোক খুবেই বিৰল(Cold or dehydration) ।
- ইনফ্লুৱেঞ্জা
সাধাৰণতে মানুহে ইয়াক ফ্লু বুলিও চিনাকী দিয়ে ৷ ই হ’ল ভাইৰাচজনিত এবিধ সংক্ৰামক ৰোগ(Influenza) ৷ ই কেতিয়াবা ব্যাপকভাৱে একোটা অঞ্চলৰ লোকক ৰোগাক্ৰান্ত কৰা দেখা যায় ৷ জ্বৰ, কাহৰ ওপৰিও এই ৰোগত মূৰৰ বিষ, ডিঙিৰ বিষ, বন্ধ নাক বা নাকৰ স্ৰাৱ বোৱা, গাৰ বিষ, গাঁঠিৰ বিষ, বমি, চকু ৰঙা পৰা, শৰীৰৰ দুৰ্বলতা আদি লক্ষণে দেখা দিয়ে ৷
ব্যক্তিভেদে মানুহৰ দেহত ৰোগৰ লক্ষণসমূহ কম-বেচি হব পাৰে৷ আৰম্ভণিতে পানীলগা আৰু ইনফ্লুৱেঞ্জাক পৃথক কৰি চিনাক্ত কৰা কঠিন যেন লাগিব পাৰে ৷ কিন্তু সাধাৰণতে ইনফ্লুৱেঞ্জাত বেছি মাত্ৰাত ততালিকে জ্বৰ উঠে আৰু ৰোগী কম সময়তে কাহিল হৈ পৰে ৷ কিছুমান চৰাই আৰু পোহনীয়া জন্তুৰ (যেনে গাহৰি, ঘোৰাৰ) শৰীৰত এই আৰ এন এ ইনফ্লুৱেঞ্জা ভাইৰাচৰ বসতি৷ কদাচিত তাঁহাতৰ পৰা মানুহৰ দেহলৈ সংক্ৰমন ঘটিলে বাৰ্ডফ্লু (H5N1) আৰু চোৱাইনফ্লু (H1N1) নামেৰে গুৰুতৰ মহামাৰী ৰূপ দেখা দিব পাৰে ৷ বাৰ্ড ফ্লু-ত উল্লেখিত লক্ষণসমূহ গুৰুতৰ ৰূপত হোৱাৰ ওপৰিও ডায়েৰিয়া বা হাগনি হোৱা দেখা যায়৷ ভালদৰে মাস্কৰ ব্যৱহাৰ কৰি সঘনাই ভালদৰে এন্টিচেপ্টিকৰে হাত ধুলে ৰোগ বিয়পা ভালেখিনি প্ৰতিৰোধ কৰিব পাৰি ৷
- ফ্লুৰ চিকিৎসা
বিশ্ৰাম, জল আৰু জুলীয়া পদাৰ্থৰ প্ৰচুৰ সেৱন, জ্বৰত পেৰাচিটামল (এস্পিৰিন নহয়) খাব(Treatment of the flu) ৷ কেতিয়াবা বেক্টেৰিয়াৰ সংক্ৰমণ হ'লেহে এন্টিবায়টিক চিকিৎসকে লবলৈ পৰামৰ্শ দিয়ে ৷ এন্টিভাইৰেল ঔষধৰ প্ৰয়োগৰ লাভালাভ সম্বন্ধে এতিয়াও সুনিশ্চিতভাবে কোৱা নাযায় ৷
ফ্লু ভেকচিনে এবছৰৰ বাবে সুৰক্ষা দিয়ে সেয়ে বছৰৰ মূৰে মূৰে ইয়াক লোৱাটো বাঞ্চনীয় ৷ অনায়াসে বেছি বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা এইসকল হ’ল– ৬৫ বছৰৰ ওপৰৰ আৰু ৫বছৰৰ তলৰ বয়সৰ লোক, গৰ্ভৱতী মহিলা, আন অসুখত (যেনে ডায়েবেটিজ, হৃদৰোগ, হাঁপানী আদিত) ভোগী থকা লোক: এনে লোকে প্ৰতিষেধক ছিটা লোৱাটো একান্তই আৱশ্যক ৷
- মূৰৰ বিষ