অসম

assam

ETV Bharat / sukhibhava

শীতকালত আপোনাৰ এই ভুলৰ বাবে বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ আশংকা - হাৰ্ট এটেক

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত হৃদআক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ যাৰ বাবে এই দিনকেইটাত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী ৷

Why the risk of heart attack increases in winter?
শীতকালত আপোনাৰ এই ভুলৰ বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ আশংকা

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:06 PM IST

Updated : Dec 5, 2023, 5:39 PM IST

সম্প্ৰতি হাৰ্ট এটেক বা হৃদআক্ৰমণত মৃত্যু হোৱা লোকৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ ধৰি৷ ইয়াৰ মূখ্য কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী, দুৰ্বল খাদ্যাভ্যাস আৰু একেবাৰে ব্যায়াম নকৰা ৷ বতৰৰ বাবেও বহুসময়ত হৃদআক্ৰমণৰ সমস্যা বৃদ্ধি হয় ৷ হয়, স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত হৃদআক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ যাৰ বাবে এই দিনকেইটাত এক স্বাস্থ্যকৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই জৰুৰী ৷

শীতকালত হৃদআক্ৰমণৰ আশংকা কিয় বৃদ্ধি হয় ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতৰ ৰাতিপুৱা হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হোৱাৰ কাৰণ এয়ে যে, শৰীৰৰ ৰক্তনলীবোৰ ঠাণ্ডাত সংকুচিত হয় ৷ যাৰ ফলত হৃদযন্ত্ৰই তেজ পাম্প কৰিবলৈ অধিক পৰিশ্ৰম কৰিবলগীয়া হয় ৷ ই ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদযন্ত্ৰৰ পেশীৰ ওপৰত চাপ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত বুকুত বিষ হয়, যাক এনজিনা বুলি কোৱা হয় ৷ এই এনজিনৰ ফলতেই এজন ব্যক্তি হৃদৰোগত আক্ৰান্ত হয় ৷ সেয়েহে, শীতকালত হাৰ্ট এটেকৰ পৰা নিজকে বচাই ৰাখিবলৈ তলত উল্লেখ কৰা দিশসমূহত মন দিব-

পুৱা সোনকালে উঠি বাহিৰলৈ নাযাব

শীতকালৰ পুৱা বতৰ ঠাণ্ডা হৈ থাকে আৰু বিচনাৰ পৰা উঠি আহোতে শৰীৰ গৰম হৈ থাকে ৷ যদি আপুনি বিচনাৰ পৰা উঠিয়েই বাহিৰলৈ ওলাই আহে, শৰীৰৰ ৰক্তনলীবোৰ দ্ৰুতগতিত সংকুচিত হ'বলৈ আৰম্ভ কৰে ৷ বিশেষকৈ যিসকলৰ ইতিমধ্যে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভূগি আছে, তেওঁলোকে এই ক্ষেত্ৰত অধিক যত্ন লোৱাৰ প্ৰয়োজন ৷

হৃদআক্ৰমণৰ আশংকা কেনেদৰে হ্ৰাস কৰিব পাৰি

পুৱা সাৰ পোৱাৰ পিছত অলপ সময় বহি থাকিব

পুৱা সাৰ পোৱাৰ পাছত অলপ সময় বিচনাত বহিব ৷ ইয়াৰ পিছত আপোনাৰ কোঠাত অলপ খোজ কাঢ়িব ৷ এনে কৰাৰ দ্বাৰা, শৰীৰ ক্ৰমান্বয়ে কোঠাৰ উষ্ণতালৈ আহিব আৰু হৃদআক্ৰমণৰ আশংকাও হ্ৰাস হ'ব ৷

খোজ কাঢ়োতে এই বিষয়েও মন দিব

পুৱা উঠি খোজ কঢ়াটো হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয় ৷ কিন্তু শীতকালত ৰ'দ ওলোৱাৰ পাছতহে খোজ কাঢ়িব ৷ পাতল সূৰ্যৰ পোহৰত খোজ কঢ়াটো এটা ভাল বিকল্প ৷ ই হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব ৷

লগতে পঢ়ক:অত্যধিক ঘাম ওলোৱা হ’ব পাৰে এই ৰোগৰ লক্ষণ, ভুলতো নকৰিব আওকাণ

Last Updated : Dec 5, 2023, 5:39 PM IST

ABOUT THE AUTHOR

...view details